།
ভাৰতক পাৰমাণৱিক বোমাৰে། উৰুৱাই দিয়াৰ ভাবুকি দিছে পাকিস্তানে। জম্মু কাশ্মীৰৰ উৰিৰ সেনাবাহিনীৰ শিবিৰত পাক সন্ত্রাসবাদীৰ ভয়াৱহ আত্মঘাতী আক্ৰমণৰ পাছতে দুই দেশৰ মাজত পাৰমাণৱিক অস্ত্র প্রয়োগৰ হুংকাৰ দিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রীয়ে। দুই দেশৰ সীমান্তত সেনাই যুদ্ধংদেহি তৎপৰতা চলাই থকাৰ সময়তে পাক প্ৰতিৰক্ষা মন্ত্রী খাৱাজা আছিফে কয়— ‘আমি শ্ব'কেছত প্ৰদৰ্শনৰ বাবে পাৰমাণবিক অস্ত্ৰ নিৰ্মাণ কৰা নাই। ভাৰতে যদি আমাৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হয়, তেতিয়াহ’লে বিনাদ্বিধাই দেশখনৰ বিৰুদ্ধে সেই অস্ত্র প্রয়োগ কৰিম।” ব্যক্তিগত টিভি চেনেল ছামাৰ (SAMAA) সৈতে হােৱা কথোপকথনৰ সময়ত পাকিস্তানত ভাৰতৰ আক্ৰমণৰ সম্ভাৱনাক লৈ সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভাৰতৰ বিৰুদ্ধে ভাবুকি দি প্ৰতিৰক্ষা মন্ত্রী খাৱাজ আছিফে কয়— “যদি ভাৰতে আমাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাহস কৰে, তেন্তে আমি ভাৰতক ধ্বংস কৰিম। ভাৰতৰ যিকোনাে মৰসাহৰ প্ৰত্যুত্তৰ দিবলৈ পাকিস্তানী সেনা সম্পূর্ণ সাজু হৈ আছে। তদুপৰি ভাৰতৰ প্ৰতি যুদ্ধংদেহি মনােভাব লৈ প্ৰতিৰক্ষা মন্ত্রীগৰাকীয়ে শ্ব'কেছত প্ৰদৰ্শনৰ বাবে পাৰমাণৱিক বোমা নির্মাণ কৰা নাই বুলি উল্লেখ কৰি পৰিস্থিতি সাপেক্ষে তেওঁলোকে সেই অস্ত্ৰ ব্যৱহাৰেৰে ভাৰতক উৎখাত কৰিব বুলি ভাবুকি দিয়ে। আনপিনে ভাৰতে যদি পাকিস্তানৰ আকাশমাৰ্গৰ সীমাউলংঘন কৰে, তেতিয়াহ’লে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈও পাক বায়ুসেনা সষ্টম হৈ আছে বুলি মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্রীগৰাকীয়ে। পাকিস্তানে বিচৰাৰ দৰে বিবদমান কাশ্মীৰৰ বিষয়টাে সমাধানৰ বাবে ভাৰত গভীৰ নহয় বুলি সমগ্ৰ বিশ্বই জানে বুলি পাক প্রধানমন্ত্রীৰ সুৰতেই সুৰ মিলাই প্ৰতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে পাকিস্তানৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতে অভিযান চলোৱা সত্ত্বেও কোনো সমর্থন লাভ কৰা নাই। আনপিনে চীনে পাকিস্তানৰ দৃষ্টিভংগীক সমর্থন কৰিছে। আনহাতে কাশ্মীৰৰ উৰিৰ আক্রমণ ভাৰতৰ নিজ পৰিকল্পনা বুলি অভিযোগ কৰি প্ৰতিৰক্ষা মন্ত্রীগৰাকীয়ে উৰি আক্ৰমণত পাকিস্তান জড়িত থকাৰ কোনাে প্রমাণ নাই বুলি দাবী কৰে। উৰুৱাই দিয়াৰ ভাবুকিৰ সমান্তৰালকৈ ভাৰতৰ জয়ছালমেৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অনুশীলন চলাইছে পাক সেনাই।
0 comments:
Post a Comment