ঢেকীয়াজুলি সমষ্টিৰ বিজেপি বিধায়ক অশোক সিংঘালে ক্ষমতাৰ ৰাগিত মতলীয়া হৈ কালি পুৱা ঢেকীয়াজুলিৰ বিডি অ' ৱাহিদুৰ ৰহমানক শাৰীৰিকভাৱে আক্রমণ কৰা ঘটনাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। ঢেকীয়াজুলিত ৰূপায়ণ হৈ থকা বিভিন্ন আচনিৰ তথ্য বিচাৰি বি ডি অ' ক তেঁও তথ্যসমূহ দাখিল কৰিবলৈ নির্দেশ দিছিল। সেই অনুসৰি প্রায় ন বজাত ঢেকীয়াজুলি চহৰৰ সাত নং ৱাৰ্ডৰ পৌৰসদস্য জন শইকীয়াৰ ঘৰলৈ বিধায়ক সিংঘালে খণ্ড উন্নয়ন বিষয়া ৱাহিদুৰ ৰহমানক মাতি পঠিয়ায়। বিধায়কৰ নিমন্ত্রণামর্মে বি ডি অ' গৰাকীয়ে জন শইকীয়াৰ ঘৰত বিধায়কজনে স্থাপন কৰা কার্যালয়ত উপস্থিত হয়। ইয়াৰ পিচতেই বিধায়ক সিংঘালে জন শইকীয়াৰ ঘৰৰ এটা কোঠাত খণ্ড উন্নয়ন বিষয়াগৰাকীক আবদ্ধ কৰি ঢেকীয়াজুলি উন্নয়ন খণ্ড এলেকাত ৰূপায়ণ হৈ থকা বিভিন্ন আচনি সন্দৰ্ভত মাৰাথন জেৰা চলায়। এটা সময়ত কোনো প্ৰসংগৰ অৱতাৰণা নকৰাকৈয়ে হঠাৎ খঙত অগ্নিশৰ্মা হৈ বিধায়কগৰাকীয়ে বি ডি অ'ক প্রশ্ন কৰে— ‘ঢেকীয়াজুলিৰ বিধায়ক এম এল এ তই নে মই?’ জনপ্রতিনিধিজনৰ এনে অভব্য আচৰণত অপ্রস্তুত হৈ বি ডি অ’জনে “আপুনি কিয় এনে কথা কৈছে?’ বুলি কওঁতেই বিধায়কজনে বিষয়াগৰাকীক গালত প্রচণ্ড চৰ শোধায়। বি ডি অ’জনে প্রকাশ কৰামতে, বিধায়কজনে চৰ শোধোৱাৰ লগে লগে তেওঁ বহি থকা চকীখনৰ পৰা মজিয়াত বাগৰি পৰে। লগে লগে বিধায়কজনে পৰি যোৱা চকীখন তুলি কোঠাৰ দুৱাৰ খুলি দিয়াত বাহিৰত ৰৈ থকা দলীয় কর্মীসকলে “কি হ’ল কি হ’ল” বুলিকোঠাটােৰ ভিতৰলৈ সোমাই যায়। তেতিয়া বি ডি অ’জনে কর্মীসকলৰ আগত বিধায়ক সিংঘালে তেওঁক প্ৰহাৰ কৰাৰ কথা প্রকাশ কৰে। এনেদৰেই ক্ষমতাৰ ৰাগিত মতলীয়া হৈ ঢেকীয়াজুলিৰ বিধায়কজনে এজন চৰকাৰী বিষয়াক গালত প্রচণ্ড চৰ শোধোৱাৰ খবৰ ঢেকীয়াজুলি সমষ্টিত বিয়পি পৰাত সমষ্টিটােত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।
Home / বিজেপি বিধায়ক অশোক সিংঘালে প্ৰহাৰ কৰিলে বি ডি অ'ক ;;তীব্র প্রতিক্রিয়া
/ ক্ষমতাৰ ৰাগি;;বিজেপি বিধায়ক অশোক সিংঘালে প্ৰহাৰ কৰিলে বি ডি অ'ক
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment