এজনো নাই উচ্চতম ন্যায়ালয়ত মুছলমান ন্যায়াধীশ

দেশৰ উচ্চতম ন্যায়ালয়ত বিগত এঘাৰ বছৰৰ পিচত প্রথমবাৰলৈ এজনো মুছলমান ন্যায়াধীশ নোহোৱা হৈ পৰিছে। প্রায় তিনি দশকৰ পিচত দ্বিতীয়বাৰলৈ ছুপ্রিম ক'ৰ্টৰ ন্যায়াধীশৰ মাজত প্রতিনিধি শুন্য হৈছে মুছলমান সম্প্রদায়ৰ লোক। তথ্য অনুসৰি ২০১২ চনত উচ্চতম ক্ৰমে এমা ৱাই ইকবাল আৰু ফকীৰ মহম্মদ ইব্রাহিম খলিফুল্লাক নিযুক্তি দিয়া হৈছিল। কিন্তু দুয়ােজনে চলিত বৰ্ষৰ ২ ফেব্রুৱাৰী আৰু ২২ জুলাইত অৱসৰ গ্রহণ কৰে। তেওঁলোকৰ অৱসৰৰ পিচতে উচ্চতম ন্যায়ালয় এতিয়া মুছলমান ন্যায়াধীশ শুন্য হৈ পৰিল। সম্প্রতি ন্যায়াধীশ নিযুক্তিক লৈ কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজত চলি থকা সংঘাতৰ বাবে উচ্চতম ন্যায়ালয়ত পৰৱতী মুছলমান ন্যায়াধীশ এজন লাভ কৰিবলৈ কিছু সময়ৰ প্রয়ােজন হ’ব বুলিও আশংকা কৰা হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment