
জম্মু-কাশ্মীৰৰ উৰিৰ সেনাবাহিনীৰ শিবিৰত পাক সন্ত্রাসবাদীৰ আত্মঘাতী আক্ৰমণৰ পাছতে যুদ্ধংদেহি মনোভাব গ্রহণ কৰিছে ভাৰত আৰু পাকিস্তানে। ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধৰ বাবে সাজু হৈ থকাৰ সময়তে পাকিস্তানো সাজু হৈছে বুলি বাতৰি প্ৰচাৰিত হৈছে। পাকিস্তানৰ জিঅ’ টিভিৰ ৰিপ’ৰ্ট মতে ভাৰতৰ কোন কোন ঠাইত প্রথমে মোক্ষম আঘাত কৰিব, তাকো ঠিক কৰি লৈছে পাকিস্তানে। ভাৰতৰ পৰা হ’ব পৰা যিকোনো আক্ৰমণৰ বাবে সাজু হৈ থকাৰ লগতে কেনেকৈ এই আক্রমণ প্রতিহত কৰিব, তাৰাে পৰিকল্পনা সম্পূর্ণ কৰি ৰাখিছে পাকিস্তানৰ সেনাই। প্ৰতিৰক্ষা বিভাগৰ প্রকাশ কৰা মতে, শত্ৰুৰ আগ্রাসন অথবা সম্ভাৱনীয় আক্ৰমণৰ প্রতি তীক্ষ দৃষ্টি ৰাখি, ভাৰতক আক্রমণ গীয়া টার্গেটসমূহ বাছনি কৰা হৈছে। আন এক সূত্রই প্রকাশ কৰা মতে, ভাৰতৰ সৈতে মােকাবিলা কৰিবলৈ পাকিস্তানৰ সেনা সম্পূর্ণ সজাগ আৰু সাজু হৈ আছে। পাকিস্তানৰ অভিযান পৰিকল্পনা সাজু হৈছে আৰু সেনাই ত্যাগৰ বাবে প্রস্তুত। আনহাতে সীমান্তৰ সিপাৰৰ পৰা অহা যিকোনো প্রত্যাহ্বানক পাকিস্তানে প্রতিহত কৰাৰ ক্ষমতা আছে বুলি ভাৰতেও ভালদৰে জানে বুলি সূত্ৰটােত প্রকাশ। ইতিমধ্যে পাকিস্তানৰ যুঁজাৰু বিমান ইছলামাবাদৰ ৰাজপথত অৱতৰণ কৰাই যুদ্ধৰ ইংগিত দিয়াৰ লগতে দেশখনৰ সেনাবাহিনীক হাই এলার্ট জাৰি কৰা বুলিও সূত্ৰটােত প্রকাশ পাইছে।
0 comments:
Post a Comment