ছেবাৰ নৱম শ্রেণীৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হ’ব ড: ভূপেন হাজৰিকাৰ গীত

Image result for dr bhupen hazarika

অসম মাধ্যমিক শিক্ষা পৰিষদ’ৰ [ছেবা ]ৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হ’ব সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ গীত। সততে বিতর্কৰ আৱর্তত থকা ছেবাই এই পদক্ষেপক বাস্তৱ ৰূপ দিয়াৰ পথত অগ্ৰসৰ হৈছে। সকলো ঠিকে-ঠাকে থাকিলে আগন্তুক ২০১৭ শিক্ষাবৰ্ষৰ পৰাই নৱম শ্রেণীৰ পাঠ্যক্ৰমত সুধাকণ্ঠৰ এটা জনপ্রিয় গীত অন্তৰ্ভুক্ত হ’ব। 'ছেবা’ৰ সচিব কমল গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, কোনটাে গীত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব, সেয়া চূড়ান্ত কৰাৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিয়া হৈছে। এই সমিতিৰ অনুমােদনমৰ্মেই ছেবা কর্তৃপক্ষই সিদ্ধান্তত উপনীত হ’ব। অৱশ্যে তাৰ মাজতে চৰ্চালৈ আহিছে সুধাকণ্ঠৰ চাৰিটা চিৰসেউজ গীত। সেই গীতকেইটা হ’ল— ‘জিলিকাব লুইতৰে পাৰ...’, ‘মানুহে মানুহৰ বাবে...’, ‘আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান...’ আৰু ‘অসম আমাৰ ৰূপহী..”। গুৱাহাটী বিশ্ববিদ্যালয় শুভ উদ্বোধনী অনুষ্ঠানৰ উপলক্ষত গণশিল্পীগৰাকীয়ে ৰচনা কৰা ‘জিলিকাব লুইতৰে পাৰ...' শীৰ্ষক গীতটােৱে বিশেষজ্ঞ সমিতিৰ বাছনিত উঠাৰ সম্ভাৱনা প্রবল বুলি 'ছেবা'ৰ এক সূত্ৰত প্রকাশ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment