বিগত ১৯৩২ চনৰ পৰা ভাৰতৰ টেষ্ট ক্রিকেটৰ যাত্রা আৰম্ভ হৈছিল এতিয়া ২২ ছেপ্টেম্বৰত ভাৰত ৫০০ খন টেষ্ট খেলা বিশ্বৰ চতুৰ্থখন দেশ হ’ব। ক্রিকেটৰ জন্মদাতা ইংলেণ্ডৰ নামত আছে সর্বাধিক ৯৭৬খন খেলাৰ ৰেকর্ড। অষ্ট্রেলিয়াই ৭৯১খন টেষ্ট খেলি দ্বিতীয় আৰু ৱেষ্ট ইণ্ডিজ ৫১৭খন টেষ্ট খেলি আছে তৃতীয় স্থানত। এতিয়া ভাৰতে ৫০০ সংখ্যক টেষ্ট খেলা এলিট ক্লাবত চামিল হ’বলৈ ওলাইছে। ভাৰতে ২২ ছেপ্টেম্বৰত নিউজীলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্ট খেলিবলৈ অৱতীৰ্ণ হ’ব, সেই টেষ্টখন হ’ব ঘৰুৱা দলটোৰ বাবে ৫০০ সংখ্যক টেষ্ট। ভাৰতে এই পর্যন্ত ৪৯৯ টেষ্ট খেলি ১২৯খনত জয়ী, ১৫৭ খনত পৰাস্ত, এখন টাই আৰু ২১২খনত ড্র খেলিছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment