বিমানত নিষিদ্ধ কৰা হৈছে ছেমছাং গেলেক্সি নোট 7 মোবাইলৰ ব্যৱহাৰ :::

ভাৰতৰ সকলো বিমানত এতিয়াৰে পৰা নিষিদ্ধ কৰা হৈছে  ছেমছাং গেলেক্সি নোট 7ৰ ব্যৱহাৰ। বিভিন্ন সময়ত বিশ্বৰ বিভিন্ন ঠাইত ছেমছাঙৰ এই মডেলটোৰ বিস্ফোৰণৰ দৰে ঘটনা পোৱৰলৈ আহিছিল। ছেমছাঙৰ এই মোবাইলটোৰ ছুইচ অফ ৰি অন কৰিলেই হঠাৎ বেটাৰীৰ বিস্ফোৰণ ঘটে। ইয়াৰ পূৰ্বে আমেৰিকাইও নিষিদ্ধ কৰিছিল ছেমছাং গেলেক্সি নোট 7ৰ ব্যৱহাৰ । ধাৰাবাহিক বিস্ফোৰণৰ খবৰৰ পিছতে ভাৰতৰ সকলো বিমানতে এই মডেলটোৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে অসামৰিক বিমান সেৱাৰ কৰ্তৃপক্ষই। ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশৰ বজাৰত নিষিদ্ধ কৰা হৈছে এই ফোনটোৰ বিক্ৰী পৰ্যন্ত। কিন্ত ভাৰতৰ বজাৰত এতিয়াও চলি আছে ছেমছাং গেলেক্সী নোট7 । সেয়েহে সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰাৰ স্বাৰ্থত ভাৰতৰ সকলো বিমানত নিষিদ্ধ কৰা হৈছে ছেমছাং গেলেক্সী নোট7ৰ ব্যৱহাৰ ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment