অৱশেষত আলফা (স্বাঃ)ই মুকলি কৰিলে অপহৃত কুলদীপ মৰাণক। পিতৃ–ভাতৃৰ হাতত চমজাই দিলে অপহৃত কুলদীপক। অসম আৰক্ষীৰ দলৰ সৈতে কালি স্ব–গৃহত হাজিৰ হয় কুলদীপ মৰাণ। যথেষ্ট ভাগৰুৱা আৰু অৱস হৈ পৰিছে এমাহ ৮ দিনৰ মূৰত কাকপথাৰৰ ঘৰত উপস্থিত হোৱা কুলদীপ। আমি যে চোৰাংচোৱাগিৰি কৰা নাছিলো জানিলে আৰু পুত্ৰৰ মুক্তিৰ বাবে প্ৰয়াস কৰা সকলোকে অশেষ ধন্যবাদ, এই মন্তব্য কৰে অপহৃত কুলদীপৰ পিতৃয়ে। আনহাতে, আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে কুলদীপৰ পিতৃ ৰত্নেশ্বৰ মৰাণে। উল্লেখ্য যে, যোৱা ১ আগষ্টত কুলদীপ মৰাণক অপহৰণ কৰি নিছিল আলফা (স্বাঃ)ই।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment