ৰাজ্য জুৰি শিক্ষক দিৱস পালন:: ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ শিক্ষক সকললৈ শুভেচ্ছা

  গুৰু শিষ্যৰ পৱিত্ৰ সম্পৰ্কৰ এটা বিশেষ দিন হৈছে আজিৰ শিক্ষক দিৱস । মহান দাৰ্শনিক তথা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে দেশজুৰি পালন কৰা হৈছে শিক্ষক দিৱস। চৰকাৰীভাৱেও শিক্ষক দিৱস পালন কৰাৰ লগতে কৃতী শিক্ষকক বঁটা প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। শিক্ষক দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নৱনিযুক্ত ৰাজ্যপাল ৱানৱাৰীলাল পুৰোহিতে ৰাজ্যৰ সকলো শিক্ষকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আনহাতে, শিক্ষক দিৱস উপলক্ষে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পুৱাৰে পৰা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment