গুৱাহাটীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান:: ৪ জনক গ্ৰেপ্তাৰ

ড্ৰাগছৰ বিৰুদ্ধে  গুৱাহাটী মহানগৰীত  বৃহৎ অভিযান। বশিষ্ঠ ACPৰ নিৰ্দেশত হাতীগাঁও থানাই দেওবাৰে নিশাৰ ভাগত অভিযান চলাই ৪ ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে কমল দাস, কৃষ্ণানন কলিতা, ঋত্বিক গৌতম আৰু শ্যাম দাস। ইয়াৰে কমল আৰু কৃষ্ণাননক খ্ৰীষ্টানবস্তিৰ পৰা, ঋত্বিকক আৰু শ্যাম দাসক হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে। লোককেইজনৰ পৰা নগদ ১৪ হাজাৰ টকাসহ ১২ গ্ৰাম ড্ৰাগছো জব্দ কৰে আৰক্ষীয়ে। ইয়াৰ উপৰিও ৩ টা মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে। লোককেইজনে দীৰ্ঘদিন ধৰি মহানগৰীত ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। অৱশ্যে এওঁলোকৰ লগত জড়িত মূল ড্ৰাগছ ব্যৱসায়ীজন এতিয়াও পলাতক।
Share on Google Plus

About Unknown

0 comments:

Post a Comment