অসম প্রদেশ কংগ্ৰেছৰ কালি অনুষ্ঠিত হােৱা বর্ধিত কার্যনির্বাহক বৈঠকত একাংশ নেতা-কর্মীয়ে মুকলিকৈ ক্ষোভ প্রকাশ কৰে নেতৃত্বৰ বিৰুদ্ধে। মৰিয়নী সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ নেতা ৰূপজ্যোতি কুমীয়ে এই বৈঠকতে নিখিল ভাৰত কংগ্ৰেছ কমিটী (এ আই চি চি)ৰ সাধাৰণ সম্পাদক তথা অসমৰ পর্যবেক্ষক চি পি যোশীৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজাৰে। তেওঁ যোশীক দায়িত্বৰ পৰা আঁতৰাবলৈ মুকলিভাৱে দাবী উত্থাপন কৰে। উল্লেখ্য যে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা প্রেক্ষাগৃহ চৌহদত কালি অনুষ্ঠিত হয় হৈছিল প্রদেশ কংগ্ৰেছৰ বর্ধিত কাৰ্যনির্বাহক বৈঠক। বৈঠকৰ অন্তত বিধায়ক কুমীয়ে সংবাদ মাধ্যমক কয়- “যোৱা বিধানসভা নির্বাচনত কেন্দ্রীয় নেতাই অসমৰ কোনাে খবৰ নল’লে। মুৰব্বী ভাল হ’লেহে দল ভাল হ’ব। চি পি যোশীক অসমৰ পর্যবেক্ষকৰ দায়িত্বৰ পৰা শীত্রে অপসাৰণ কৰিব লাগে। যোশীৰ স্থানত অসমৰ পর্যবেক্ষকৰ দায়িত্ব দিব লাগে জ্যোতিৰাদিত্য সিন্ধিয়া অথবা শচীন পাইলটক । যোৱা নির্বাচনত প্রার্থিত্ব প্ৰদানৰ নামত বহু খেলিমেলি কৰা হৈছিল। ধনৰ বিনিময়ত টিকট দিয়া বুলি বহুতে শুনিছে। অৱশ্যে মই চকুৰে দেখা নাই। চি পি যোশী সম্পূৰ্ণৰূপে বিফল নেতা। তৃণমূল নেতাকর্মীৰে কোনো সম্পর্ক নৰখা যোশীয়ে ইয়ালৈ ভাষণ দিবলৈহে আহে। ভাষণ দিলে কি হ’ব ? আমাৰ কথাও তেওঁ শুনিব লাগিব । প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, অসমৰ পর্যবেক্ষক চি পি যোশী, অবিনাশ পাণ্ডে প্রমুখ্যে দলৰ সকলো বিষয়ববীয়াৰ লগতে যোৱা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্ৰতিগৰাকী প্রার্থী আৰু জিলা সভাপতিসকল উপস্থিত থকা এই বৈঠকত যোৱা বিধানসভা নির্বাচনত দলে প্রদর্শন কৰা শোচনীয় ফলাফল সন্দর্ভতো পর্যালোচনা কৰা হয়। আনহাতে আন একাংশ নেতা-কর্মীয়েও নেতৃত্বৰ ভুল নীতি আৰু অৱহেলাৰ বাবেই দলে পৰাজয়বৰণ কৰিবলগীয়া হােৱা বুলি ক্ষোভ উজাৰে। প্রদেশ কংগ্ৰেছৰ একাংশ নেতাই নির্বাচনী প্ৰচাৰৰ বাবে হাইকমাণ্ডে প্ৰেৰণ কৰা ধনাে হৰলুকী কৰা বুলি অভিযোগ কৰে। এনে প্রেক্ষাপটতে উত্তপ্ত হৈ পৰে প্রদেশ কংগ্ৰেছৰ এই বর্ধিত কাৰ্যনির্বাহক। ইপিনে আজিৰ বৈঠকতে প্রদেশ কংগ্ৰেছে নির্বাচনী পৰাজয়ক এক সাময়িক বিপর্যয় হিচাপে গণ্য কৰি পূৰ্বৰ বিপর্যয়ৰ ইতিহাসৰ পৰা শিক্ষা লৈ সুস্থ, গণতান্ত্ৰিক আৰু ধর্মনিৰপেক্ষ সমাজ গঠনৰ সংকল্পৰে কাম কৰিবলৈ ভালেকেইটা প্রস্তাৱ গ্রহণ কৰে।
Home / Uncategories / উত্তপ্ত প্রদেশ কংগ্ৰেছৰ বর্ধিত কার্যনির্বাহক ;; অসমৰ পর্যবেক্ষক চি পি যোশীৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment