বিদেশীৰ বােজা ল’ব নােৱাৰােঁ, নলওঁ :: গৰজি উঠিছে আছু সহ ৰাজ্যৰ ২৮টা জনজাতীয়-জনগোষ্ঠীয় সংগঠন



আ সদৌ অসম ছাত্র সস্থা সহ ৰাজ্যৰ ২৮টা জনজাতীয়-জনগোষ্ঠীয় সংগঠনে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰুদ্ধে গৰজি উঠিছে | আটাইকেইটা সংগঠনে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনক কঠোৰ সকীয়নি দি কয় --অসমত জাপি দিবলৈ লোৱা সিদ্ধান্ত আমি কেতিয়াও মানি নলওঁ। ১৯৮৫ চনত দিল্লীয়ে কৈছিল ১৯৭১ চনলৈকে অহা হিন্দু-মুছলমান সকলো বিদেশীৰ বােজা অসমে ল’ব’। ২০১৬ চনত দিল্লীয়ে কৈছে যে এতিয়ালৈকে অহা হিন্দু বাংলাদেশীৰ বোজাও অসমে ল’ব লাগিব।” কেন্দ্ৰৰ এনে জাপি দিয়া সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰি ড° ভট্টাচার্যই কয়— ‘এজনো অবৈধ বাংলাদেশীৰ বোজা আমি ল’ব নোৱাৰো, নলওঁ। অসম এখন সৰু ৰাজ্য, গতিকে ইয়াত বিদেশীৰ সংস্থাপনৰ সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব। এইক্ষেত্ৰত ঐক্যবদ্ধভাৱে আমি সংসদৰ যুটীয়া সমিতিৰ ওচৰত বক্তব্য দাঙি ধৰিম।” অসমত বিদেশী সংস্থাপনৰ আঁৰত কেন্দ্ৰৰ ষড়যন্ত্র লুকাই আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যত অসম চুক্তিৰ আধাৰত, উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে। এন আৰ চিৰ কাম এতিয়া দ্রুতগতিত আগবাঢ়িছে। আৰু ভেৰিফিকেচনৰ পর্যােয়ত উপনীত হৈছে। কিন্তু কেন্দ্ৰই অসমত এখন বাংলাদেশী মুক্ত নাগৰিকপঞ্জী উন্নীত হােৱাটাে নিবিচাৰে। খিলঞ্জীয়াই যাতে বলিষ্ঠভাৱে অসমত মূৰ দাঙি উঠিব নোৱাৰে, তাৰ বাবে এক গভীৰ ষড়যন্ত্রত লিপ্ত হৈছে কেন্দ্রীয় চৰকাৰখন। সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টাগৰাকীৰ মতে অসমত যাতে বাংলাদেশী মূলৰ নাগৰিক উপ-মুখ্যমন্ত্রী হ’ব নােৱাৰে, তাৰ বাবে এইবাৰ ৰাইজেও হিল-দল ভাঙি আহি ভোটদান কৰিলে। গতিকে ৰাজ্য চৰকাৰখনে শীঘ্ৰে কেন্দ্রীয় চৰকাৰৰ লগত কথা পতা উচিত আৰু ৰাজ্যবাসীৰ স্বর্থত তেওঁলোকে উচিত ব্যৱস্থা গ্রহণ কৰিব লাগে। আছুকে ধৰি জনজাতীয়-জনগোষ্ঠীয় সংগঠনসমূহে সংসদৰ যুটীয়া সমিতিৰ মুখামুখিও হ’ব বুলি উল্লেখ কৰি প্রয়োজনত ঐক্যবদ্ধ আন্দােলনৰ পাতনি মেলিব বুলি আছু নেতাগৰাকীয়ে কয়। তেওঁ পুনৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক ভিজন ডকুমেণ্ট কার্যকৰী কৰি প্ৰতিশ্রুতি ৰক্ষা কৰিবলৈ প্রত্যাহ্বান জনায়।ইফালে, সদৌ অসম ট্রাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে কয় যে হিন্দু বাংলাদেশীৰ সংস্থাপন সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু চৰকাৰৰ অংশীদাৰ দলসমূহে স্থিতি স্পষ্ট কৰা উচিত। কাৰণ খিলঞ্জীয়াৰ স্বাভিমান ৰক্ষা কৰা সময়ত কেন্দ্রীয় চৰকাৰখনে এদেও দুদেও লোটা নিয়াৰ ছেও লৈছে। খাখিলাৰীয়ে অসমখন বিদেশীৰ ডাম্পিং গ্রাউণ্ড হ’ব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে। তেওঁ বিপদৰ সময়ত সকলো দল-সংগঠনকে একত্ৰিত হৈ এই ষড়যন্ত্র প্রতিহত কৰিবলৈ আহ্বান জনায়।  সংবাদ মেলত আছুৰ লগতে ট্রাইবেল সংঘ, ট্রাইবেল যুৱ লীগ, মিচিং মিমােগ কীবাং, নিখিল বড়ো ছাত্র সস্থা, ৰাভা ছাত্র সস্থা, টি এম পি কে, তিৱা ছাত্র সস্থা, তিৱা যুৱ-ছাত্ৰ পৰিষদ, তাই আহােম ছাত্র সস্থা, ডিমাচা ছাত্র সস্থা, চাহ জনজাতি ছাত্র সস্থা, কোচ ৰাজবংশী ছাত্র সস্থা, মটক যুৱ-ছাত্র সন্মিলন, মৰাণ ছাত্র সস্থা, সোণোৱাল কছাৰী ছাত্র সন্থা, দেউৰী ছাত্র সন্থা, কার্বি ছাত্র সন্থা, আদিবাসী ছাত্র সন্থা, চুতীয়া ছাত্র সন্থা, গোখা ছাত্ৰ সন্থা, শৰণীয়া কছাৰী ছাত্র সস্থা, মদাহি ছাত্র সস্থা, উত্তৰ কাছাৰ খিলঞ্জীয়া ছাত্র সস্থা, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, মেছ কছাৰী জাতীয় পৰিষদৰ নেতৃত্ব উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্র বিৰােধিতা কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment