যুগান্তকাৰী পদক্ষেপ;; ১২ ছেপ্টেম্বৰত হোজাইত অসমত দ্বৈত ৰে’লপথৰ আধাৰশিলা স্থাপন


মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু কেন্দ্রীয় ৰে’লমন্ত্রী ৰাজেন গোহাঁইয়ে ১২ ছেপ্টেম্বৰত হোজাইত অসমত দ্বৈত ৰে’লপথৰ আধাৰশিলা স্থাপন কৰিব। একেদৰে বঙাইগাঁৱৰ পৰা গোৱালপাৰা হৈ গুৱাহাটীলৈ দ্বৈত ৰে’লপথ নির্মাণৰ কামো এই মাহতে আৰম্ভ হ’ব। ইফালে, বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ আজ্ঞাঠৰীলৈ নির্মাণ হ’বলগীয়া দ্বৈত ৰে’লপথৰ 'ফাইনেল লোকেচন ছার্ভে’ৰ কাম ইতিমধ্যে সমাপ্ত হৈছে আৰু সোনকালে এইছোৱা দ্বৈত ৰে’লপথৰ কাম ৰে’ল বিভাগে আৰম্ভ কৰিব। কালি গুৱাহাটীত এখন সংবাদ মেলযোগে এই ঘোষণা কৰে কেন্দ্রীয় ৰে’লমন্ত্রী ৰাজেন গোহাঁয়ে। সংবাদ মেলত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গুৱাহাটী আৰু আজ্ঞাঠৰী ৰেল ষ্টেচনক বিশ্বমানৰ ষ্টেচন হিচাপে গঢ়াৰ কাম ইতিমধ্যে ‘পাব্লিক প্রাইভেট পার্টনাৰশ্বিপ’ৰ জৰিয়তে আৰম্ভ হৈছে। তদুপৰি শীঘ্ৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত বিমানকোঠৰ দৰে সুবিধাসম্পন্ন লাউঞ্জ” এটাও নির্মাণ কৰা হ’ব। সমান্তৰালভাৱে আৰম্ভ হ’ব লামডিং আৰু তিনিচুকীয়া ষ্টেচনৰ উন্নীতকৰণৰ কামো। ষ্টেচনসমূহত আসন নিশ্চিত হােৱা সকলো যাত্রীয়ে যাতে জিৰণিগৃহত জিৰণি লোৱাৰ সুবিধা লাভ কৰে, তাৰ প্ৰতিও গুৰুত্ব আৰােপ কৰা হ’ব বুলি ৰে’লমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে সংবাদ মেলখনত কয় যে ৰে’ল বিভাগে উত্তৰ-পূবৰ বাবে কেইবাটাও নতুন ৰে’লৱে প্ৰকল্পত অনুমোদন জনাইছে। সেই অনুসৰি শৰাইঘাটত দ্বিতীয়খন ৰে’ল দলং, শালনাৰ পৰা খুমটাইলৈ, শিৱসাগৰৰ পৰা যোৰহাটলৈ আৰু তেজপুৰৰ পৰা শিলঘাটলৈ নতুন ৰে’ল লাইন নির্মাণ কৰা হ’ব। এই নতুন প্রকল্পসমূহৰ লগতে সামগ্রিকভাৱে উত্তৰ-পূব ৰে’লৱেৰ বাবে চলিত বিত্তীয় বৰ্ষত মুঠ ৭ হাজাৰ কোটি টকা আগবঢ়োৱা হৈছে। গতিকে এই প্রকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত কোনোধৰণৰ ধনৰ নাটনি নহ’ব। একেদৰে নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ সমগ্ৰ ৰে’লপথছোৱা বিদ্যুতীকৰণৰ বাবে মন্ত্রীগৰাকীয়ে নিজে উদ্যোগ গ্রহণ কৰিছে বুলি জানিবলৈ দি কয় যে সোনকালে বিদ্যুতীকৰণৰ বাবে নিবিদা আহ্বান কৰা হ’ব। তদুপৰি ‘ৰেলনীৰ নামত পেকেজড় ড্রিংকিং ৱাটাৰ প্ৰকল্প এটা জাগীৰােডত স্থাপনৰ বিষয়েও ৰে’ল বিভাগে বিবেচনা কৰি থকা বুলি তেওঁ সদৰী কৰে। আনহাতে, ৰে’লযাত্ৰীৰ বাবে বিশেষ কেতবোৰ সা-সুবিধাৰ বিষয়ে ঘোষণা কৰি তেওঁ কয় যে প্ৰতিগৰাকী আসন নিশ্চিত হােৱা আৰু আৰ এ চি যাত্রীৰ বাবে ৰে’ল বিভাগে ৪০ লাখ টকা পর্যন্ত যাত্রা বীমাৰ ব্যৱস্থা কৰিছে। বীমাৰ বিনিময়ত একোগৰাকী যাত্রীৰ পৰা মাত্র ৯২ পইচাকৈ সংগ্ৰহ কৰা হ’ব। কেন্দ্রীয় ৰে’লমন্ত্রীগৰাকীয়ে উন্নয়নৰ বাবে ৰে’ল যোগাযোগ ব্যৱস্থা উন্নীত কৰাৰ ওপৰত গুৰুত্ব দি কয় যে উত্তৰ-পূবত দুখন নতুন শতাব্দী ৰে’লৰ যাত্রা আৰম্ভ কৰা হ’ব। এই ৰে'ল দুখন চলিব তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ আৰু নাহৰলগুনৰ পৰা গুৱাহাটীলৈ। তদুপৰি দুৰ্গা পূজাৰ পূর্বে হিমছফৰ’ নামৰ এখন সম্পূর্ণ বাতানুকূল ৰে’লৰ যাত্রা গুৱাহাটীৰ পৰা বাংগালুৰু হৈ কলকাতালৈ আৰম্ভ হ’ব। ৰে’ল বিভাগে ইয়াৰ লগতে আগৰতলাৰ পৰা কলকাতালৈ ৰে’ল চলাচলৰ বিষয়টোও বিবেচনা কৰি আছে। আনহাতে, উত্তৰ-পূবৰ পর্যটনখণ্ডক অধিক শক্তিশালী কৰিবলৈ আৰু ইয়াৰ ৰে’ল যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ লক্ষ্যৰে উত্তৰ-পূব ছাফাৰী ট্রেইন’ৰ চলাচলৰ বিষয়ে আলোচনা কৰিবলৈ অহা ১০ ছেপ্টেম্বৰত ৰে’লমন্ত্রীগৰাকী পর্যটন বিভাগৰ সচিবৰ লগত এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হ’ব। তাৰ পূর্বে মন্ত্রী গোহাঁয়ে কাইলৈ উজনি অসম ভ্ৰমণ কৰি ৰে’ল বিভাগৰ বিভিন্ন প্রকল্প আৰু বগীবিল দলঙৰ নিৰ্মাণৰ বিষয়ে বুজ ল’ব।



Share on Google Plus

About Unknown

0 comments:

Post a Comment