কটন কলেজত এলাগী হ’বলৈ ওলাইছে অসমীয়া ভাষা কটন কলেজত;;ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া


অসমীয়া ভাষা কটন কলেজএলাগী হ’বলৈ ওলাইছে।কিয়নো কলেজখনে আয়োজন কৰি অহা মাণিক চন্দ্ৰ বৰুৱা ৰাষ্ট্রীয় পর্যায়ৰ তর্ক প্রতিযোগিতাখনৰ পৰা এইবাৰ অসমীয়া ভাষা সম্পূৰ্ণৰূপে পৰিহাৰ কৰা হৈছে। মহাবিদ্যালয়খনে গ্রহণ কৰা এই সিদ্ধান্তক লৈ এতিয়া ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় পর্যায়ৰ তৰ্ক প্রতিযোগিতাখনে যাতে অধিক জনপ্রিয়তা আৰু প্ৰসাৰতা লাভ কৰিব পাৰে তাৰ বাবে অসমীয়া ভাষাক প্রতিযোগিতাৰ পৰা বাতিল কৰাৰ বাবেই উদ্যোক্তাসকলে লোৱা এনে সিদ্ধান্তক লৈ ৰাজ্যৰ জাতীয় সংগঠনসমূহেও তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। এই সন্দৰ্ভত সদৌ অসম ছাত্র সস্থাৰ সভাপতি দীপাংক নাথে স্পষ্টকৈ উল্লেখ কৰিছে যে কটন কলেজে যদি মাতৃভাষাক এনেদৰে এলাগী কৰে, তেনেহ’লে অসমবাসীৰ বাবে ই দুর্ভাগ্যজনক বিষয় হ’ব। ছাত্র সস্থা প্রতিযোগিতাখনৰ জনপ্রিয়তাৰ বাবে সদায়ে আগ্ৰহী আৰু সেয়েহে প্রতিযোগিতাখন পূৰ্বৰ দৰে প্রতিযোগীসকলে ইংৰাজী আৰু অসমীয়া ভাষাত অংশগ্রহণ কৰাটাে বিচাৰে। কটন কলেজতেই যদি মাতৃভাষা ব্যৱহাৰ নহয়, তেনেহ’লে দিল্লী বিশ্ববিদ্যালয়ত আমাৰ মাতৃভাষা ব্যৱহাৰ হ’ব নেকি বুলিও সভাপতিগৰাকীয়ে প্রশ্ন উত্থাপন কৰে। উদ্যোক্তাসকলক সমগ্ৰ বিষয়টাে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই সভাপতিগৰাকীয়ে কয় যে প্রতিযোগিতাখন ৰাষ্ট্রীয় পর্যায়লৈ যোৱাটো ডাঙৰ বিষয় নহয়, ইয়াৰ দ্বাৰা হ’বলগীয়া সামাজিক প্রতিফলনটোহে ডাঙৰ বিষয়। জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদেও কটন কলেজৰ এনে সিদ্ধান্তক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে। সংগঠনটােৰ সভাপতি বিৰাজ তালুকদাৰে আজি এই সন্দৰ্ভত কয় যে অসমত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্রীয় পর্যায়ৰ তর্ক প্রতিযোগিতা এখনত অসমীয়া ভাষা ব্যৱহাৰ হ’ব নােৱৰাটাে চৰম দুর্ভাগ্যজনকেই নহয়,ই জাতিটােৰ বাবেও অপমানজনক বিষয়। কটনে সমগ্ৰ বিষয়টােক পুনৰ বিবেচনা ৰাখক। পৰিষদৰ সভাপতিজনে ইয়াকে আঙুলিয়াই দিয়ে যে ৰাজ্যত অসমীয়া ভাষা চৰম সংকটৰ সন্মুখীন হৈছে। বহু অঞ্চলত অসমীয়া ভাষাৰ পৰিৱর্তে বঙালী বা হিন্দীহে প্রচলন আৰম্ভ হৈছে। ইফালে, কটনৰ দৰে ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত অসমীয়া ভাষাক এইদৰে অৱজ্ঞা কৰা ঘটনাত ক্ষোভ উজাৰিছে অসমীয়া ভাষা-সংস্কৃতিৰ একনিষ্ঠ সেৱক দিগন্ত বিশ্ব শৰ্মাই। মাণিক চন্দ্ৰ বৰুৱা তর্ক প্রতিযোগিতাত প্রাক্তন শ্রেষ্ঠ তার্কিক আৰু বিগত সময়ছােৱাত বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল শৰ্মাই । এইবাৰাে বিচাৰকৰ আসনত বহাৰ বাবে তেওঁক বিচাৰকৰ প্ৰস্তাৱ আগ্রাহ্য কৰে। এই সন্দৰ্ভত শৰ্মাই কয়, "মাণিক চন্দ্ৰ বৰুৱা তর্ক প্রতিযোগিতাৰ পৰা কিয় অসমীয়া ভাষাক বাদ দিয়া হ’ল তাক লৈ মই যথেষ্ট আঘাত পাইছোঁ। মই ভাবীে জাতীয় চেতনা থকা ৰাজ্যৰ সচেতন লোকসকলেও অসমীয়া ভাষাৰ প্ৰতি কৰা এনে অৱজ্ঞা আৰু অপমান সহা নকৰে।” ইতিমধ্যে যোৱা ৮ আগষ্টত অনুষ্ঠিত হোৱা প্রতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্রান্তৰ কেইবাজনো শ্রেষ্ঠ তার্কিকে অংশগ্রহণ কৰি প্ৰতিযোগিতাখন আকৰ্ষিত কৰি তুলিছিল। এনে অৱস্থাত মাণিক চন্দ্ৰ বৰুৱা তর্ক প্রতিযোগিতাখন ৰাষ্ট্ৰীয় স্তৰত অধিক জনপ্রিয় কৰাৰ উদ্দেশ্যে তার্কিকসকলক ইংৰাজীত যুক্তি প্ৰদৰ্শনৰ বাবে নিয়ম বান্ধি দিয়া হৈছে। উল্লেখ্য যে অহা ৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ বাবে ইতিমধ্যে প্রায় প্রস্তুতি সম্পূর্ণ কৰি তুলিছে উদ্যোক্তাসকলে।সেয়ে লক্ষণীয় হ’ব এনে অৱস্থাত প্রতিযোগিতাখনৰ পৰা অসমীয়া ভাষা বাতিলৰ বিষয়টােক লৈ সৃষ্টি হােৱা প্রতিক্রিয়া কলেজ কর্তৃপক্ষই কিদৰে গ্ৰহণ কৰে ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment