জেহাদীৰ ভুৱা নথি প্রস্তুত হয় কৰিমগঞ্জত ;;বাংলাদেশী আইছিছৰ চাঞ্চল্যকৰ তথ্য

আৰক্ষীয়ে আইছিছৰ সৈতে জড়িত চাৰিজন বাংলাদেশী জেহাদীক কৰিমগঞ্জ জিলাত যোৱা ২৩ আগষ্টত গ্রেপ্তাৰ কৰা ঘটনাৰ ন ন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। বাংলাদেশৰ জেহাদীক ভাৰতৰ পাৰপত্ৰ যোগান ধৰি মধ্যপ্রাচ্যৰ দেশত কূটাঘাতৰ বাবে আইছিছে কৰা পৰিকল্পনা শেহতীয়াকৈ ফাদিল হােৱাত এই ঘটনাৰ তদন্ত আৰক্ষীয়ে গুৰুত্বসহকাৰে আগবঢ়াইছে। বর্তমানলৈকে বাংলাদেশৰ পৰা অহা আইছিছৰ জেহাদী চাৰিজনক কৰিমগঞ্জত আশ্রয় দিয়া, ভাৰতীয় নাগৰিকত্ব প্রমাণৰ বাবে বিভিন্ন নথি-পত্ৰ যোগান ধৰা সন্দৰ্ভত কৰিমগঞ্জ আৰক্ষীয়ে মুঠ এঘাৰজন অভিযুক্তক গ্রেপ্তাৰ কৰিছে। ইয়াৰে ভিতৰত দুজন হ’ল প্রাক্তন কংগ্রেহী মন্ত্রী ছিদ্দেক আহমেদৰ অতি ঘনিষ্ঠ তথা জিলাখনৰ দিনোদিনী গাঁও পঞ্চায়তৰ কংগ্ৰেছী সভানেত্রীমনােৱাৰা বেগম আৰু শিক্ষক বিল্লাল উদ্দিন খান চৌধুৰী। এই ঘটনা সন্দৰ্ভত গ্রেপ্তাৰ কৰা আন গৰাকী হ’ল বিল্লালউদ্দিনৰ ভাতৃ আফতাবউদ্দিনমোস্তাফা আহমেদ, ইছলামউদ্দিন আৰু বাহাৰউদ্দিন। আৰক্ষীয়ে লাভ কৰা তথ্য ডুবাইত থকা কামালউদ্দিন নামৰ বাংলাদেশী এজনে কৰিমগঞ্জৰ দিনোদিনী গাঁও পঞ্চায়তৰ সভানেত্রী মনোৱাৰা বেগমৰ স্বামী হিবজুৰ ৰহমানক হােৱাটছএপযোগে অসমত প্ৰৱেশ কৰিবলগীয়া বাংলাদেশীৰ তথ্য, ফটাে আদি আগতীয়াকৈ যোগান ধৰে। সেইমৰ্মে হিবজুৰ ৰহমানে শিক্ষক বিলালউদ্দিন খান চৌধুৰীৰ জৰিয়তে নির্দিষ্ট বাংলাদেশীক ভাৰতীয় সজোৱাৰ বাবে বিভিন্ন নথি-পত্ৰ আগতীয়াকৈ সাজু কৰে। বদৰপুৰৰ আছাউদ্দিনৰ প্রেছত বাংলাদেশী অতিক্রম কৰি অহা বাংলাদেশীক কৰিমগঞ্জত ভাড়াঘৰ আদিৰ ব্যৱস্থা কৰি দিয়ে। ইয়াৰ পিচত স্থানীয় বেংকৰ শাখাত এনে বাংলাদেশীক একাউণ্ট আদি খুলি দিয়ে। আশ্চৰ্য্যৰ বিষয় এয়ে যে ডুবাইত থকা কামালউদ্দিন নামৰ বাংলাদেশীজনৰ কৰিমগঞ্জৰ ভোটাৰ তালিকাত নাম আছে। তদুপৰি আইছিছৰ সৈতে সম্পর্ক থকা কামালউদ্দিনে নিজামুদ্দিন নাম লৈ ভাৰতীয় পাৰপত্ৰও সংগ্ৰহ কৰিছে। এই সমগ্র ঘটনাটােৰ আঁৰত থকা গভীৰ ৰাষ্ট্রবিৰােধী ষড়যন্ত্ৰৰ উমান পাই আৰক্ষীয়ে বিষয়টাে গৃহ মন্ত্র্যালয়কো অৱগত কৰা বুলি জনা গৈছে।
জেহাদীৰ ভুৱা নথি প্রস্তুত হয় কৰিমগঞ্জত ;;বাংলাদেশী আইছিছৰ চাঞ্চল্যকৰ তথ্য
Reviewed by
Unknown
on
13:00:00
Rating:
5
0 comments:
Post a Comment