এক ভয়ংকৰ ষড়যন্ত্ৰ চলিছে। অসমসহ ভাৰত উপমহাদেশৰ বৃহৎ অংশক খলিফা ৰাষ্ট্ৰ’ৰ অস্তভূক্তিকৰণৰ ব্ল-প্রিন্ট ৰচা "ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড ছিৰিয়া” (আইছিছ)ৰ পৃষ্ঠপোষকতাতেই চলিছে এই ষড়যন্ত্ৰ । ইতিমধ্যে অসম, পশ্চিমবংগৰ লগতে কেইবাখনো ৰাজ্যত খোপনি পোতা জে এম বিক ব্যৱহাৰ কৰিয়েই কার্যতঃ সন্ত্রাসবাদৰ পৰিকল্পনাক আইছিছে বাস্তৱ ৰূপ দিব বিচাৰিছে। এই সন্দৰ্ভত শেহতীয়াকৈ চোৰাংচোৱা সংস্থাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কেতবােৰ বিস্ফোৰক তথ্য। চােৰাংচােৱাৰ এক শীর্ষস্থানীয় সূত্রই দাবী কৰা মতে কেৱল অসম আৰু পশ্চিমবংগতে সক্রিয় হৈ আছে জে এম বিৰ কমেও ৫০০ সদস্য। বিগত সময়ছো।ভয়ংকৰ ষড়যন্ত্ৰ চলিছে বিশ্বত্ৰাস সন্ত্রাসবাদী সংগঠনটােৱে এইক্ষেত্ৰত ব্যৱহাৰ কৰিছে ‘জামাত-ৱাত শ্ৰীপাৰ চেল গঠনেৰে গঢ়ি তোলা সবল সাংগঠনিক দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই জেহাদী সংগঠনটোৱে অসম আৰু য়া ৰাজ্য পশ্চিমবংগৰ পৰাই ভাৰতক লৈ আইছিছৰ পৰিকল্পনাত সাৰযোগাব বিচাৰিছে। আইছিছে ইয়াৰ বাবে বাংলাদেশস্থিত জে এম বিৰ শীর্ষনেতাৰ হাতত বৃহৎ পৰিমাণৰ ধনৰাশি দিয়াৰ তথ্যও লাভ কৰা বুলি সূত্ৰটােত প্রকাশ। প্রসংগক্ৰমে উল্লেখ কৰিব পাৰি যে চুবুৰীয়া ৰাষ্ট্ৰখনত আইছিছজে এম বিৰ সম্পর্ক ইতিমধ্যে পোহৰলৈ আহিছে। বিশেষকৈ যোৱা ১ জুলাইত ৰাজধানী ঢাকাৰ অভিজাত অঞ্চল গুলচনস্থিত হােলী আটিছেন ৰেষ্টুৰেণ্টত জে এম বিক ব্যৱহাৰ কৰিয়েই চলোৱা নির্বিচাৰ আক্ৰমণৰ ঘটনাটােৱে ইয়াৰ জুলন্ত প্রমাণৰূপে চিহ্নিত হৈছে। তাৰ মাজতে অসমতো বাংলাদেশী নাগৰিকে আইছিছৰ হৈ সদস্য ভর্তি অভিযান চলোৱাৰ গুৰুত্বপূর্ণ তথ্য উন্মোচিত হয় যোৱা ২৩ আগষ্টত। উক্ত দিনা কৰিমগঞ্জ জিলা সংলগ্ন বাংলাদেশ সীমান্তৱতী বালিয়া অঞ্চলৰ পৰা গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। ৬জনকৈ লোকক। ইয়াৰে ৪জন বাংলাদেশী নাগৰিক হােৱাৰ বিপৰীতে আন দুজন হ’ল ভাৰতীয়। সংবাদ মাধ্যমত ইতিমধ্যে প্রকাশ পোৱা অনুসৰি ধূত বাংলাদেশী নাগৰিককেইজনে আইছিছৰ সদস্য ভর্তি অভিযানৰ বাবে ছাহজাহান আহমেদ নামৰ এজন ব্যক্তিৰ সহযোগত ভাৰতীয় পাৰপত্ৰযোগে প্রাথমিক অনুসন্ধানত তথ্য লাভ কৰিছে। এনে ভয়ংকৰ তথ্যৰ পাছতে ধূত আটাইকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা দিনকেইটাত গাঁও পঞ্চায়তৰ সভানেত্রীসহ মুঠ ১৫জন লোকক জিন্মাত লৈছে আৰক্ষীয়ে। তদুপৰি কেইদিনমান পূর্বে মহানগৰীৰ নীলাচল পাহাৰস্থিত শক্তিপীঠ কামাখ্যা ধামৰ সংগ্ৰহ কৰা এজন সন্দেহজনক লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে। এনে প্রেক্ষাপটতে চােৰাংচােৱা সূত্ৰটােৱে কৰা দাবীৰ বহুলাংশে সত্যতা থকা বুলি ক’ব পাৰি।
Home / অসমসহ ভাৰতৰ বৃহৎ অংশক খলিফা ৰাষ্ট্ৰ’ৰ অস্তভূক্তিকৰণৰ ষড়যন্ত্ৰ
/ অসমসহ ভাৰতৰ বৃহৎ অংশক খলিফা ৰাষ্ট্ৰ’ৰ অস্তভূক্তিকৰণৰ ষড়যন্ত্ৰ ;;চোৰাংচোৱাৰ বিস্ফোৰক তথ্য
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment