পশ্চিমবংগৰ নাম সলনি ;;বাংলা, বেংগল হব্ নতুন নাম


সলনি হব্ পশ্চিমবংগৰ নাম।  ৰাজ্য বিধানসভাই পশ্চিমবংগৰ নতুন  নামকৰণৰ এটা প্রস্তাৱ গৃহীত কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত  আগবঢ়োৱা এটা প্রস্তাৱৰ এসপ্তাহ পিচত বিধানসভাই নতুন নামকৰণৰক্ষেত্ৰত গুৰুত্বপূর্ণ সিদ্ধান্ত লয়। গৃহীত প্রস্তাৱমর্মে বাংলা ভাষাত পশ্চিমবংগৰ নতুন নাম হ’ব বাংলা',ইংৰাজীত হ’ব “বেংগল’ আৰু হিন্দীত হ’ব বাংগাল’। যোৱা ২৬  আগষ্টত ৰাজ্যখনৰ নতুন নামকৰণ সন্দৰ্ভত নতুন নামকৰণ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ বিধানসভাৰ এক বিশেষ অধিৱেশন আহ্বান কৰা হৈছিল।পূর্বৱতী বাওঁ চৰকাৰে পশ্চিমবংগৰনাম সলনি কৰিবলৈ গৈ ব্যর্থ হৈছিল যদিও বর্তমানৰ তৃণমূল কংগ্ৰেছ এইক্ষেত্ৰত  ক্ষেত্ৰত গুৰুত্বপূর্ণ সিদ্ধান্ত লয়। পশ্চিমবংগ নামটােৰ পৰা পশ্চিম’ নামটাে  প্রত্যাহাৰ কৰি অকল 'বেংগল” হিচাপে ৰাখিবলৈ মমতা বেনাৰ্জীয়ে দীর্ঘদিন ধৰি দাবী কৰি আহিছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment