৯০ বছৰীয়া পৰম্পৰাৰ অৱসান ঘটাই সলনি হ’ব আৰ এছ এছৰ ইউনিফৰ্মৰ।।আৰ এছ এছৰ ‘গণৱেশ’ অর্থাৎ ইউনিফৰ্মৰ সালসলনিৰ আনুষ্ঠানিক কালিৰে পৰা আৰম্ভ কৰিলে। চলিত বৰ্ষৰ প্ৰাৰম্ভতে আৰ এছ.এছে পৰিধান কৰি অহা ইউনিফৰ্মৰ খাকী হাফপেন্টৰ সলনি দীঘল পেণ্ট ব্যৱহাৰ কৰাৰ যি সিদ্ধান্ত লৈছিল, সেই সিদ্ধান্ত মৰ্মেই অহা দুর্গাপূজাৰ বিজয়া দশমী ১১ অক্টোবৰৰ পৰা আৰ এছ.এছে পৰিধান কৰিব খাকী পেণ্ট। প্রায় ১০ বছৰ ধৰি যুক্তি-বিতর্ক আৰু সমীক্ষাৰ অন্তত ৯০ বছৰীয়া খাকী হাফপেন্ট সলনিৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। ১২জনীয়া এটা দলে দেশৰ প্ৰান্তে প্রান্তে ভ্ৰমণ কৰি আৰ এছ এছৰ কমীৰ সৈতে আলোচনা কৰাৰ অন্ততহে এই ঐতিহাসিক সিদ্ধান্তত উপনীত হয়।পৰম্পৰাৰ পৰিৱর্তন ঘটাই খাকী পেন্ট পৰিধান কৰাৰ লক্ষ্যৰে কালি আৰ এছ এছৰ নাগপুৰৰ মুখ্য কার্যালয়ৰ সমীপৰ দোকানত নতুন খাকী পেন্ট বিক্ৰীৰ শুভাৰম্ভ কৰা হয়। মহাৰাষ্ট্ৰৰ নাগপুৰৰ প্ৰথম বেটছৰ বাবে ১০ হাজাৰ খাকী পেণ্টৰ প্ৰতিটােৰ মূল্য ২৫০ টকা। বিজেপিৰ আদৰ্শগত গুৰু আৰ এছ.এছে পূর্বে আঁঠুলৈকে থকা খাকী হাফপেন্ট পৰিধান কৰি আহিছিল যদিও নতুন প্রজন্মৰ যুৱকে এই ধৰণৰ পোছাকৰ ক্ষেত্ৰত কিছু অসন্তুষ্টি ব্যক্ত কৰাৰ বাবেই নতুন খাকী পেণ্টৰ চৰ্চা আৰম্ভ হয়। আৰ এছ এছৰ মুৰব্বী ৬৫ বছৰীয়া মোহন ভাগৱতে সদৰী কৰা মতে নতুন খাকী পেন্টে যুৱ সদস্যসকলক আৰ এছ এছৰ প্ৰতি আগ্রহী কৰি তুলিব। কিয়নো অনেক যুৱ লোকে খাকী হাফপেন্ট পিন্ধাৰ সময়ত হাঁহিয়াতৰ পাত্র হয় বুলি অসন্তুষ্টি প্রকাশ কৰি আহিছিল। ইপিনে, খাকী পেণ্ট, বগা চােলা, ক’লা টুপী, মুগা মোজা আৰু বাঁহৰ লাঠীৰে নতুন ইউনিফৰ্মৰ আৰ এছ এছ অধিক আকর্ষণীয় হ’ব বুলি একাংশই সপক্ষে মত ব্যক্ত কৰাৰ বিপৰীতে জ্যেষ্ঠসকলৰ একাংশই বিৰূপ প্রতিক্রিয়া ব্যক্ত কৰিছে।
Home / সলনি হ’ব আৰ এছ এছৰ ইউনিফৰ্মৰ;;খাকী হাফপেন্টৰ ঠাইত লং পেন্ট
/ সলনি হ’ব আৰ এছ এছৰ ইউনিফৰ্মৰ;;খাকী হাফপেন্টৰ ঠাইত লং পেন্ট
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment