কান্তজিউ আৰু ইস্কন মন্দিৰ আক্ৰমণৰ ঘটনাত জড়িত খলনায়ক, উগ্ৰপন্থী বদৰ মামা আৰু সন্ত্রাসবাদী সংগঠন জে এম বিৰ দুজন সদস্যক বাংলাদেশৰ আৰক্ষীয়ে হত্যা কৰে।নিহত বদৰ মামা আছিল জে এম বিৰ দ্বিতীয় সর্বোচ্চ নেতা।বদৰ মামা আছিল জে এম বিৰ উত্তৰাঞ্চলৰ সামৰিক শাখাৰ কমাণ্ডাৰ।এই সংগঠনটোৰ শীর্ষ নেতা তামিম চৌধুৰীৰ দুদিন পূর্বে সংঘৰ্ষত মৃত্যু হৈছিল। সোমবাৰৰ মাজনিশা বাংলাদেশৰ উত্তৰৰ জিলা নলিয়াপাড়াত আৰক্ষীৰে হােৱা সংঘৰ্ষত তিনিওজন সন্ত্রাসবাদী নিহত হয়।এওঁলোক দুটা হিন্দু মন্দিৰ আক্ৰমণৰ ঘটনা আৰু ইটালীৰ নাগৰিক পিয়েৰো পাৰোলাৰি হত্যাৰ চেষ্টাত পাৰোলাৰি হত্যাৰ চেষ্টাত জড়িত আছিল।
Home / বাংলাদেশত মন্দিৰ আক্ৰমণত জড়িত তিনিজন সন্ত্রাসবাদী নিহত
/ বাংলাদেশত মন্দিৰ আক্ৰমণত জড়িত তিনিজন সন্ত্রাসবাদী নিহত
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment