বিশ্ব বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আৰু তেওঁৰ মগজু

কুৰি শতিকাৰ আটাইতকৈ তীক্ষ্ণ মেধাসম্পন্ন ব্যক্তি এলবাৰ্ট আইনষ্টাইনৰ মৃত্যু হৈছিল 1955 চনৰ 18 এপ্ৰিল তাৰিখে ৷ আমেৰিকাৰ নিউ জাৰ্ছি চহৰৰ প্ৰিন্সটন হস্পিটালত পুৱাৰাতি 1:15 ত মৃত্যু বৰণ কৰাৰ আগমূহুৰ্তত তেওঁ শেষবাৰৰ বাবে দুটামান বাক্য কৈছিল যদিও সেই সময়ত তেওঁৰ লগত থকা নাৰ্চ গৰাকীয়ে জাৰ্মান ভাষা নজনাৰ ফলত আইনষ্টাইনৰ জীৱনৰ শেষ কথাখিনি কি আছিল সেই কথা আজিও পৃথিৱীয়ে গম নাপালে ৷  মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 76 বছৰ ৷ পৃথিৱীক অজস্ৰ অৱদান দি যোৱা নবেল বটা বিজয়ী এই বিস্ময়কৰ লোকজনৰ মগজুত  দৰাচলতে এনে কি বস্তু আছিল যাৰ ফলত কোটি কোটি মানুহতকৈ তেওঁ বহু বেছি উচ্চ স্তৰৰ চিন্তা কৰিব পাৰিছিল সেয়া জানিবলৈ সমগ্ৰ বিশ্বৰ সকলো লোকৰে সদায় এক উৎসুকতা আছিল ৷ সকলোৱে ধৰি লৈছিল যে কুৰি শতিকাৰ এই বিষ্ময়কৰ মগজুটো নিশ্চিতভাৱে আন সকলো মগজুতকৈ পৃথক হবই লাগিব ৷ এনে কোটি কোটি উৎসুক লোকসকলৰ ভিতৰত এজন আছিল আমেৰিকাৰ চিকিৎসক থমাছ ষ্টোল্জ হাৰ্ভি ৷ 1955 চনৰ 18 এপ্ৰিলৰ দিনাও হাৰ্ভি তেওঁৰ কৰ্মস্থলী প্ৰিন্সটন হস্পিটালতেই উপস্থিত আছিল ৷ সেইদিনা ৰাতিপুৱাই আইনষ্টাইনৰ মৃত্যুৰ পিছত তেওঁৰ দেহটোৰ মৰোণোত্তৰ পৰীক্ষা  কৰাৰ দ্বায়িত্ব পৰিছিল থমাছ হাৰ্ভিৰ ওপৰতেই ৷ ৰাতিপুৱা আঠ বজাত যেতিয়া তেওঁ আইনষ্টাইনৰ মৃতদেহটো পৰীক্ষা কৰি আছিল, সেই সময়ত ইমান দিনে মনতে ভাৱি থকা প্ৰশ্নটোবোৰৰ উত্তৰ নিজৰ সন্মূখত দেখা পাই হাৰ্ভিয়ে নিজকে সম্বৰণ কৰিব নোৱাৰিলে ৷ মৰোণত্তৰ পৰীক্ষাৰ মাজতে তেওঁ চেগ বুজি এলবাৰ্ট আইনষ্টাইনৰ গোটেই মগজুটোৱেই মৃতদেহটোৰ পৰা উলিয়াই পিছত পৰীক্ষা কৰিবলৈ লুকাই থৈ দিয়ে ৷ এই কামটো সম্পূৰ্ণ অনৈতিক ভাৱে আৰু আইনষ্টাইনৰ পৰিয়ালৰ সন্মতি অবিহনে কৰা হৈছিল ৷  ইয়াৰ পিছত তেওঁ  বাকী পৰীক্ষা শেষ কৰি আইনষ্টাইনৰ মৃতদেহটো পৰিয়ালৰ হাতত চমজাই দিয়ে ৷ সেই সময়ত থমাছ হাৰ্ভিৰ বাহিৰে এই কথা কোনেওঁ গম পোৱা নাছিল যে মৃতদেহটোৰ পৰা মগজুটো নোহোৱা হৈ আছে ৷ পৰিয়ালৰ লোকে কোনো সন্দেহ নকৰাকৈ মৃতদেহটো চমজি লৈ তেওঁৰ শেষকৃত্য সম্পন্ন কৰে আৰু চিতাভষ্মবোৰ কোনো অজ্ঞাত স্থানত বিসৰ্জন কৰি দিয়ে ৷  এলবাৰ্ট আইনষ্টাইনে বিচাৰিছিল যে তেওঁৰ মৃত্যুৰ পিছত যাতে কোনেও তেওঁৰ কবৰত পূজা অৰ্চনা কৰিব নোৱাৰে ৷ সেয়ে তেওঁ কৈছিল যে তেওঁৰ মৃত্যুৰ পিছত তেওঁক জ্বলাই দি তেওঁৰ চিতাভস্ম যেন এনে কোনো অজ্ঞাত স্থানত পেলাই দিয়া হয় য'ত মানুহে তেওঁৰ অৱশিষ্টক লৈ কোনো ধৰণৰ স্মৃতিসৌধ গঢ়াৰ অৱকাশ নাথাকে  ৷
          ইয়াৰ পিছত হাৰ্ভিয়ে আইনষ্টাইনৰ মগজুটো পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ এটা গৱেষণাগাৰলৈ লৈ যায় ৷ তাত তেওঁ প্ৰথমে মগজুটোৰ ওজন লয় আৰু বিভিন্ন ছবি তোলে ৷ আইনষ্টাইনৰ মগজুটোৰ ওজন আছিল 1230 গ্ৰাম ৷ ইয়াৰ পিছত তেওঁ মগজুটোৰ পৰা 2400 টা Tissue  sample লৈ সেইবোৰ পৰীক্ষাৰ বাবে Slide প্ৰস্তুত কৰে ৷ তেওঁ এই স্লাইডবোৰ 12 টা বেলেগ বেলেগ ভাগত ভাগ কৰে ৷ এনে প্ৰতিটো ভাগতেই 200 টা স্লাইড আছিল ৷ থমাছ হাৰ্ভিয়ে এনে দুটা ভাগ নিজৰ লগত ৰাখি লৈ বাকী দহটা ভাগ সেই সময়ৰ আমেৰিকাৰ প্ৰখ্যাত চিকিৎসক দহজনক বিতৰণ কৰে ৷ তেওঁ আশা কৰিছিল যে তেওঁৰ নিজৰ লগতে এই দহজন চিকিৎসকেও নিজাববীয়াকৈ স্লাইড সমূহৰ ওপৰত গৱেষণা কৰিব আৰু সেই গৱেষণাৰ ফলাফলবোৰ এলবাৰ্ট আইনষ্টাইনৰ মগজুৰ ৰহস্য উদ্ঘাটন কৰাত সহায়ক হব ৷
                           ইপিনে আইনষ্টাইনৰ মৃত্যুৰ পিছদিনা তেওঁৰ পুত্ৰ হেনছ্ এলবাৰ্ট আইষ্টাইনে কেনেবাকৈ গম পায় যে আগদিনাখন কফিনৰ ভিতৰত থকা তেওঁৰ পিতৃৰ মৃতদেহটোৰ পৰা দেহটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগটোৱেই অন্তৰ্ধান আছিল ৷ এই কথাত হেনছ্ এলবাৰ্ট খঙত অগ্নিশৰ্ম্মা হৈ পৰে আৰু থমাছ ষ্টোল্জ হাৰ্ভিক এই বিষয়ে জৱাবদিহি কৰে ৷ ঘটনাৰ আকষ্মিকতাত হাৰ্ভি কিংকৰ্তব্যবিমূঢ় হৈ পৰে যদিও শেষ মূহুৰ্তত তেওঁ হেনছ্ এলবাৰ্ট আইনষ্টাইনক শান্ত কৰাবলৈ সক্ষম হয় ৷ তেওঁ কয় যে আইনষ্টাইনৰ মগজুৰ ওপৰত গৱেষণা কৰাটো বিজ্ঞানৰ বাবে অত্যন্ত জৰুৰী আৰু ইয়াৰ দ্বাৰা যদিহে কিবা নতুন বৈজ্ঞানিক ৰহস্য উদ্ঘাটন হয় তেন্তে সেয়াই হব মৃত বিজ্ঞানীজনৰ কাৰণে প্ৰকৃত শ্ৰদ্ধাঞ্জলি ৷ কাৰণ এলবাৰ্ট আইনষ্টাইনে তেওঁৰ নিজৰ জীৱনটোৱেই বিজ্ঞানৰ নামত উৎসৰ্গিত কৰি দিছিল ৷ হাৰ্ভিৰ পৰা এনেবোৰ যুক্তি শুনাৰ পিছত শেষত হেনছ্ আইনষ্টাইন তেওঁৰ পিতৃৰ মগজুটোৰ ওপৰত গৱেষণাৰ প্ৰয়োজনীয়তাৰ কথাত পতিয়ন যায় আৰু তেওঁ হাৰ্ভিক ইয়াৰ ওপৰত গৱেষণা চলাবলৈ অনুমতি দিয়ে ৷ তেওঁ লগতে চৰ্ত বান্ধি দিয়ে যে এই গৱেষণাৰ ফলাফল যাতে বানিজ্যিক কাৰণত ব্যৱহাৰ নকৰি তাক কেবল মাত্ৰ বৈজ্ঞানিক পত্ৰিকাতহে প্ৰকাশ কৰা হয় ৷ ইয়াৰ পিছতে বিশ্ববিখ্যাত বাতৰি কাকত নিউয়ৰ্ক টাইমছ্ ৰ প্ৰথম পৃষ্ঠাত  এই বাতৰি প্ৰকাশ পায় যে যি মগজুৱে আপেক্ষিকতাবাদৰ আৱিষ্কাৰ কৰিছিল আৰু Nuclear Fission ৰ উদ্ভাৱনত সহায় কৰিছিল , সেই মগজুটো বৈজ্ঞানিক গৱেষণাৰ উদ্দেশ্যে আইনষ্টাইনৰ মৃতদেহৰ পৰা উলিয়াই লোৱা হৈছে ৷
                    ইয়াৰ পিছৰ কাহিনী অতি দীঘল ৷ আইনষ্টাইনৰ মগজুটোৱে যেন থমাছ হাৰ্ভিৰ বাবে দুৰ্ভাগ্যহে কঢ়িয়াই আনিলে ৷ আইনষ্টাইনৰ মৰোণোত্তৰ পৰীক্ষা কৰাৰ কিছুদিন পিছতে প্ৰিন্সটন হস্পিটালৰ পৰা তেওঁক বৰ্খাস্ত কৰা হয় আৰু তেওঁৰ বিবাহ বিচ্ছেদো হয় ৷ কালক্ৰমত ভাগ্যৰ পাকচক্ৰত পৰি লাহে লাহে তেওঁৰ সমগ্ৰ কেৰিয়াৰেই ধ্বংস হৈ যায় ৷ ইয়াৰ মাজতে হাৰ্ভিয়ে বহুবাৰ নিজৰ থকা ঠাই সলনি কৰে আৰু প্ৰতিবাৰেই স্থান সলনি কৰোতে তেওঁ আন বস্তুৰ লগতে ফৰ্মেলিনৰ সহায়ত সংৰক্ষণ কৰি ৰখা আইনষ্টাইনৰ মগজুটোও কঢ়িয়াই লৈ ফুৰে ৷ সমান্তৰালভাৱে তেওঁ আইনষ্টাইনৰ মগজুটোৰ ওপৰত গৱেষণাও চলাই থাকে যদিও এই গৱেষণাত তেওঁ কোনো উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম নহ'ল ৷ আনহাতে তেওঁ যি দহজন চিকিৎসকক গৱেষণাৰ বাবে স্লাইডবোৰ দিছিল তাৰ ভিতৰৰ বেছিভাগেই হাৰ্ভিক কোনো উত্তৰেই নিদিলে ৷ যি দুজনমানে উত্তৰ দিছিল, তেওঁলোকেও তেওঁলোকৰ গৱেষণাত এনে কোনো উত্তৰ নাপালে যাৰ দ্বাৰা এই কথা গম পাব পাৰি যে বিশ্বৰ সেই অতি বিশেষ মগজুটো দৰাচলতে কি কাৰণে 'বিশেষ' আছিল ৷ বৰঞ্চ তেওঁলোকেও নিজ নিজ গৱেষণাত আইনষ্টাইনৰ মগজুৰ গঠনো আন যিকোনো সাধাৰণ লোকৰ দৰেই সাধাৰণ বুলিহে পায় ৷ এনেকৈ দিন বাগৰি যোৱাৰ লগে লগে লাহে লাহে পৃথিৱীয়ে এই কথাটো পাহৰিবলৈ আৰম্ভ কৰে আৰু শেষত ই পাহৰণিৰ গৰ্ভত সম্পূৰ্ণভাবে বিলীন হৈ যায় ৷ কিন্তু 1978 চনত আমেৰিকাৰ সাংবাদিক ষ্টিভেন লেভিয়ে থমাছ হাৰ্ভিক বিচাৰি উলিয়াই আইষ্টাইনৰ মগজুটো হাৰ্ভিৰ ঘৰত দুটা টেমাৰ ভিতৰত সংৰক্ষিত কৰি থোৱা অৱস্থাত উদ্ধাৰ কৰে ৷ এই বাতৰি প্ৰকাশ হোৱাত পুনৰ এবাৰ চৌদিশে চাঞ্চল্যৰ সৃষ্টি হয় আৰু হাৰ্ভিয়ে তেতিয়া মগজুটোৰ অৱশিষ্ট অংশ আইনষ্টাইনৰ নাতিনী এভিলিন আইনষ্টাইনক হস্তান্তৰ কৰে ৷ 2010 চনত হাৰ্ভিৰ উত্তৰাধিকৰী সকলে তেওঁলোকৰ লগত থকা আইনষ্টাইনৰ মগজুৰ কেইখনমান ছবি 'নেছনেল মিউজিয়াম অব হেল্থ এণ্ড চাইঞ্চক' অৰ্পণ কৰে ৷ আনহাতে 2011 চনত ফিলাডেলফিয়াৰ 'মাটাৰ মিউজিয়ামে' আইনষ্টাইনৰ মগজুৰ কিছু স্লাইড উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই স্লাইডবোৰ হাৰ্ভিয়ে স্লাইড দিয়া চিকিৎসক দহজনৰ মাজৰ এজনৰ পৰা নানা হাত বাগৰি শেষত মাটাৰ মিউজিয়াম কৰ্তৃপক্ষৰ হাতত পৰিছিল ৷ হাৰ্ভিৰ পৰিয়ালৰ পৰা উদ্ধাৰ হোৱা ছবিবোৰৰ ওপৰত ভিত্তি কৰি আজিও ইয়াৰ ওপৰত কিছুমান গৱেষণা চলি আছে ৷
                               এনেকৈয়ে কুৰি শতিকাৰ অন্যতম শ্ৰেষ্ঠ মগজুটোৱে প্ৰায় ছটা দশক জুৰি নানা ঠাই ঘুৰাৰ পিছত শেষত ইয়াৰ অতি ক্ষুদ্ৰ অংশ এটাই বৰ্তমান ফিলাডেলফিয়াৰ মাটাৰ মিউজিয়ামত শেষ জিৰণি লৈ আছে ৷
( যুগুতালে::অলকেশ ভাগৱতী, গুৱাহাটী )
Share on Google Plus

About Unknown

1 comments: