#নন্দোৎসৱ (পেকযাত্ৰা)
বৰপেটা সত্ৰত পালিত উৎসৱ-পাৰ্বণ সমুহৰ ভিতৰত অন্যতম এটি উৎসৱ হ'ল নন্দোৎসৱ৷শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছদিনা বৰপেটা সত্ৰত পালন কৰা হয় নন্দোৎসৱ ৷ এই উপলক্ষে সত্ৰত পূৰ্বাপৰ ৰীতি অনুযায়ী পুৱাৰ গীত,ভটিমা গাই বন্তি প্ৰজ্বলন কৰা হয় ৷ নন্দোৎসৱ উপলক্ষে পুৱাৰ নাম-প্ৰসঙ্গত চৰণ,যুগল পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয় ৷তাৰ পিছত 'ভাগৱত' আৰু 'পাঠ'পঢ়া হয় ৷প্ৰসঙ্গৰ অন্ত হোৱাৰ পিছত গায়ন-বায়নে গুৰু আসনৰ সন্মুখত 'গুৰুঘাত' বজাই পৰিতাল,ৰূপক,মানজ্যোতি আদি তালত শ্যাম আৰু ললিত ৰাগত দুটাকৈ পুৱাৰ গীত গাই গোপাল আতা বিৰচিত 'জন্মযাত্ৰা' নাটখন ৰূপায়ন কৰে ৷ নাটত সত্ৰৰ দৈবজ্ঞই গৰ্গ পুৰোহিতৰ ভাও লৈ শ্ৰীকৃষ্ণ বলোৰাম সহিতে গয়ন-বায়নক গুৰুআসনৰ পিছফালৰ নামখলালৈ আদৰি নিয়ে আৰু শ্ৰীকৃষ্ণৰ গনণা কাৰ্য সম্পন্ন কৰে ৷ 'সামৰণী ঘাতা'ৰে জন্মযাত্ৰা নাটৰ ওৰ পেলোৱা হয় ৷ ইয়াৰ পিছত সত্ৰৰ পাঠকে গুৰু আসনৰ সন্মুখত পুণৰ নাম-প্ৰসঙ্গ আৰাম্ভ কৰে ৷ শিশুলীলাৰ ঘোষা গাই প্ৰথমে গুৰু আসনৰ চাৰিওফালে তিনি বাৰ প্ৰদক্ষিণ কৰি পশ্চিম দুৱাৰেদি পাঠক সমন্বিতে ভকত সকল ওলাই আহি শিশুলীলাৰ " কেশৱ কৃষ্ণ কৰুণা সিন্ধু", "হে কৰুণাময়,ৰামকৃষ্ণ ও হৰি ৰামকৃষ্ণ"আদি ঘোষা গাই কীৰ্ত্তন ঘৰৰ চাৰিওফালে সাতবাৰ প্ৰদক্ষিণ কৰি মঠৰ চোতালত নাম সম্বৰণ কৰে ৷ নাম গাই কীৰ্ত্তন ঘৰ প্ৰদক্ষিণ কৰি থকা সময়ত মঠৰ চোতালৰ শ্ৰীৰাম আতাৰ ভিঠিত থকা নাদৰ পানীৰে ভকতসকলক স্নান কৰোৱা হয় ৷ এই ধৰ্মীয় কাৰ্যৰ সমান্তৰালভাৱে সত্ৰৰ 'টুপৰ চোতাল'ত আন এক লৌকিক অনুষ্ঠান সম্পন্ন হয় ৷টুপৰ চোতালত বোকা-পানী,মিঠাতেলেৰে লুটুৰি-পুটুৰি হৈ শিশু,কিশোৰ, যুৱক সকলে অনুস্থিত কৰে "পেকযাত্ৰা"৷প্ৰবাদ মতে,ভাটি বয়সত পুত্ৰ সন্তান লাভ কৰি নন্দৰাজে শ্ৰীকৃষ্ণৰ জন্মৰ পিছদিনা এক উৎসৱ পাতিছিল আৰু প্ৰজাসকলে মনৰ আনন্দতে ইজনে সিজনৰ গা লৈ বোকা চতিয়াই আনন্দোৎসৱ কৰিছিল ৷ ব্ৰজধামৰ আনন্দোৎসৱৰ অনুকৰণতেই বৰপেটা সত্ৰতো পেকযাত্ৰা কৰা হয় ৷ নন্দোৎসৱৰ দিনা সত্ৰত যথেষ্ঠলোকৰ সমাগম হয় ৷ বিশেষকৈ কিশোৰী-যুৱতী সকলে জাতীয় সাজ পৰিধান কৰি সত্ৰত উপস্থিত হৈ পেকযাত্ৰা আনন্দেৰে উপভোগ কৰে ৷
(যুগুতালে:: প্ৰিয়ৰঞ্জন দাস, বৰপেটা )

0 comments:
Post a Comment