মোডী কেবিনেটে এখনি অতি কঠোৰ পথ সুৰক্ষা বিধেয়কত অনুমোদন জনাইছে । যিখন আইন হ'লে যান-বাহন আইন ভংগ কৰিলে বৃহৎ মাত্ৰাৰ জৰিমনা আৰু শাস্তি হ'ব। সেই মৰ্মে জৰিমনা আৰু শাস্তি হব--
১। সুৰাপান কৰি গাড়ী চলালে ২০০০ টকাৰ পৰিবৰ্তে ১০০০০টকা জৰিমনা হ'ব |
২। অনুজ্ঞা পত্ৰ অবিহনে বাহন চলালে আৰু পথত ৰেচিং কৰিলে এতিয়া ৫০০ টকাৰ পৰিবৰ্তে ৫০০০ টকাৰ জৰিমনা হ'ব |
৩। বিপদজনকভাৱে গাড়ী চলালে এতিয়াৰ ১০০০ টকাৰ বিপৰীতে ৫০০০টকা ।
৪। ছিট বেল্ট নামাৰিলে এতিয়াৰ ১০০ টকাৰ পৰিবৰ্তে জৰিমনা হ'ব ১০০০টকা।
৫। বীমা নথকাকৈ চলালে গাড়ী জৰিমনা ১০০০ টকা পৰিবৰ্তে ২০০০টকা।
৬। হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চলালে এতিয়াৰ ১০০টকাৰ সলনি জৰিমনা হ'ব ১০০০ টকা আৰু তিনিমাহলৈ বাতিল হ'ব অনুজ্ঞা পত্ৰ ।

0 comments:
Post a Comment