বিশিষ্ট সাহিত্যিক মহিম বৰা চিকিৎসাধীন:: আশু আৰোগ্য কামনা ৰাজ্যবাসীৰ

অসম সাহিত্য সভাৰ ১৯৮৯ চনৰ ডুমডুমা অধিৱেশনৰ সভাপতি বিশিষ্ট সাহিত্যিক মহিম বৰা গুৰুতৰ ভাৱে অসুস্থ হৈ সম্প্ৰতি গুৱাহাটীত চিকিৎসাধীন হৈ আছে। কাঠনীবাৰী ঘাট, বহুভূজী ত্ৰিভূজ, এই নদীৰ সৈতে , ৰাতি ফুলা ফুল, বৰযাত্ৰী, তিনিৰ তিনি গল, চক্ৰবৎ আৰু মানুহ আদি জনপ্ৰিয় গল্প সংকলনৰ স্ৰষ্টা বৰাই ২০০১ চনত এধানি মাঁহিৰ হাঁহি' নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল । সমগ্র অসমবাসীয়ে এইজন পুৰোধা সাহিত্যিকৰ আ�শু আৰোগ্য কামনা কৰিছে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment