কেন্দ্রীয় সাংস্কৃতিক মন্ত্রী মহেশ শৰ্মাই ভাৰত ভ্ৰমণলৈ অহা বিদেশী মহিলা পর্যটকসকলে নিজৰ সুৰক্ষাৰ বাবেই স্কার্ট পৰিধানৰ পৰা আঁতৰত থাকিব লাগে বুলি কৰা মন্তব্যক লৈ তীব্র বিতৰ্কৰ সূত্রপাত হৈছে। কংগ্ৰেছৰ নেতা মণীষ তিৱাৰীয়ে কয় যে যিখন ভাৰতত বৈচিত্র্যতা ৰক্ষা কৰাৰ উপৰি পৰম্পৰা আৰু এনে একোটা মন্তব্যই সকলোকে হতাশ কৰিব পাৰে। কোনে কি পিন্ধিব আৰু কোনো কেতিয়া, ক’ত ঘূৰিব তাৰ বাবে কাৰাে শ্রুতলিপি লোৱাৰাে প্রয়োজন নাথাকে। যদি কেন্দ্রীয় মন্ত্ৰী গৰাকীৰ মতে চলিব লাগে তেন্তে সকলো মহিলাই বোর্খা পৰিধান কৰিব লাগিব। অৱশ্যে এই বিতর্কৰ পিচতে মন্ত্রী মহেশ শৰ্মাই এটা বিবৃতিত কয় যে বিদেশী মহিলা পর্যটকে স্কার্ট পিন্ধি প্ৰৱেশ কৰিবনালাগে বুলি ক’ব খুজিছিল।
Home / কেন্দ্রীয় মন্ত্রীৰ স্বাক্ষার্ট নিষিদ্ধ মন্তব্য;;জাঙুৰ খাই উঠিছে কংগ্ৰেছ
/ কেন্দ্রীয় মন্ত্রীৰ স্বাক্ষার্ট নিষিদ্ধ মন্তব্য;;জাঙুৰ খাই উঠিছে কংগ্ৰেছ
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment