য়েমেনত আইছিছ সন্ত্রাসবাদীৰ আক্ৰমণ;; ৭১ জন নিহত আৰু আন ৯৮ জনৰো অধিক লোক আহত


আইছিছ সন্ত্রাসবাদীয়ে যুদ্ধবিধ্বস্ত য়েমেনৰ দ্বিতীয় বৃহৎ চহৰ আডেনত আইছিছ সন্ত্রাসবাদীয়ে এক সেনা শিবিৰত চলোৱা আত্মঘাতী আক্ৰমণত ন-প্রশিক্ষিত সেনা জোৱানসহ অতিকমেও ৭১ জন নিহত আৰু আন ৯৮ জনৰো অধিক লোক আহত হয়। এখন বিস্ফোৰক'ভর্তি ট্রাকত অহা সন্ত্রাসবাদীয়ে চৰকাৰী বাহিনীৰ এক প্রশিক্ষণ শিবিৰত প্ৰৱেশ কৰি বিস্ফোৰণ ঘটায়।

এই শিবিৰটােত নতুনকৈ নিযুক্তি দিয়া সেনা জোৱানসকলে প্রশিক্ষণ লৈ আছিল। য়েমেনৰ চৰকাৰী বাহিনীৰ অস্থায়ী মূল ঘাটি আডেনত শেহতীয়াভাৱে চলোৱা আক্ৰমণৰ ভিতৰত আজিৰ আক্রমণেই আছিল আটাইতকৈ ভয়ানক। এই মাহৰ প্ৰথমভাগত আবানৰ ৰাজধানী জিঞ্জিবাৰত চৰকাৰী বাহিনীয়ে প্রৱেশ কৰি অলকায়দাৰে প্ৰচণ্ড সংঘৰ্ষৰ অন্তত চহৰখন নিজৰ দখললৈ আনে। উল্লেখযোগ্য যে ২০১৫ চনৰ মার্চ মাহৰ পৰা য়েমেনত ৬,৬০০ জনৰো অধিক লোক সংঘৰ্ষত নিহত হৈছে। দেশখনৰ আশী শতাংশৰো অধিক লোক শৰণার্থীত পৰিণত হ’বলগীয়া হৈছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment