নামনি অসমৰ লগতে বৰপেটাবাসীৰ বহু প্ৰত্যাশিত যোগীঘোপাৰ পৰা বৰপেটা-হাজো-শুৱালকুছি হৈ আমিনগাঁওলৈ ৰেলপথ নিৰ্মাণৰ দীৰ্ঘদিনীয়া দাবীক তৎকালে কাৰ্যকৰী কৰিবলৈ "বৰপেটা-হাজো-শুৱালকুছি ৰেলপথ দাবী সমিতি"এ কালি কেন্দ্ৰীয় ৰেলমন্ত্ৰী সুৰেশ প্ৰভু আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাইক পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰে ৷ সমিতিৰ সভাপতি তথা ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস , সম্পাদকদ্বয় ক্ৰমে প্ৰাক্তন বিধায়ক ভূপেন ৰয় আৰু বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ লগতে সদস্যদ্বয় ক্ৰমে কেশৱ শৰ্মা আৰু পুলিন পাঠকে সুৰেশ প্ৰভুক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো দায়িত্ব ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাইক দিয়া হৈছে বুলি উল্লেখ কৰি সজাতি দলটোক ৰাজ্যিক ৰেলমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰিবলৈ পৰামৰ্শ দিয়ে৷ সজাতি দলটোক ৰাজ্যিক ৰেল মন্ত্ৰী গৰাকীয়ে এই বিষয়টো বিবেচনাধীন হৈ থকা কথাটো অবগত কৰাৰ লগতে তৎকালে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দলটোক মন্ত্ৰী গৰাকীয়ে আশ্বাস প্ৰদান কৰাৰ উপৰিও পৰবৰ্তী ৰেল বাজেটত এই বিষয়টো অন্তৰ্ভুক্ত কৰাৰ নিশ্চয়তা প্ৰদান কৰে ৷
সংবাদ::: ধনঞ্জয় দাস, বৰপেটা।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment