অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে ৰিপুন বৰাই

ৰিপুন বৰা কালি আনুষ্ঠানিকভাৱে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্বভাৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে । প্রদেশ কংগ্ৰেছৰ সদৰ কার্যালয় ৰাজীৱ ভৱনত আয়োজন কৰা অনুষ্ঠানত দায়িত্বভাৰ গ্ৰহণ কৰিয়েই তেওঁ দলক শক্তিশালী কৰাৰ কথা ঘোষণা কৰে। লগতে এই কথাও স্বীকাৰ কৰে যে কংগ্ৰেছৰ প্রতি ৰাইজৰ আস্থা পূৰ্বৰ তুলনাত কমিছে আৰু এই আস্থা ঘূৰাই অনাৰ বাবে তেওঁ অধিক সক্রিয়ভাৱে কাম কৰিব। কংগ্ৰেছৰ পূৰ্বৰ সভাপতি অঞ্জন দত্তৰ আকস্মিক বিয়োগৰ পিচত দলৰ হাইকমাণ্ডে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাক ভাৰপ্রাপ্ত সভাপতিৰ দায়িত্ব দিছিল। কিন্তু ইয়াৰ পিচত দলে তেওঁকেই প্রদেশ কংগ্ৰেছৰ স্থায়ী সভাপতি হিচাপে নিযুক্তি দিয়ে। এই নিযুক্তি পোৱাৰ পিচত বৰাই কালি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment