মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি প্রধানমন্ত্রী মোদীক তেওঁৰ ৭ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে।প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কেন্দ্রীয় প্রতিনিধি দলৰ প্রতিবেদন লাভ কৰাৰ পাছতেই শেহতীয়া বানপানীৰ ফলত ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ ক্ষেত্ৰত তৎকালীনভাৱে কাৰ্যব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস দিছে। লগতে সাহায্য, পুনৰ সংস্থাপন আৰু পুননির্মাণৰ বাবে অসমলৈ প্রয়োজনীয় কেন্দ্রীয় সাহায্য আগবঢ়োৱাৰ কথাও দোহাৰে । এই সাক্ষাৎকালত মুখ্যমন্ত্রী সোণোৱাল আৰু বিত্তমন্ত্রী ড° শৰ্মাই অসমত শেহতীয়া বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতি তথা পৰৱৰ্তী পর্যায়ত ৰাজ্য চৰকাৰে সাহায্য, পুনৰ সংস্থাপন আৰু পুনর্নির্মাণৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰায় প্রধানমন্ত্রী মোদীক। বিশেষকৈ গৰাখহনীয়াৰ ফলত হোৱা ব্যাপক ক্ষয়-ক্ষতিৰ দিশটাে প্রধানমন্ত্রী মোদীৰ দৃষ্টিগোচৰ কৰে মুখ্যমন্ত্রী সোণোৱাল আৰু বিত্তমন্ত্রী ড° শৰ্মাই। তদুপৰি সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম যাতে খৰতকীয়াকৈ কৰিব পৰা যায় তাৰ বাবে কেন্দ্রীয় সাহায্য আগবঢ়াবলৈ প্রধানমন্ত্রী মোদীক অনুৰোধ জনোৱাৰ লগতে বানগৰাখহনীয়া প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা হস্ৰ-দীর্ঘকালীন ব্যৱস্থাৰাজিৰ বিষয়েও মুখ্যমন্ত্রী সোণোৱাল আৰু বিত্তমন্ত্রী ড° শৰ্মাই আভাস দিয়ে। প্রসংগক্রমে মুখ্যমন্ত্রী সোণোৱালে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বানৰ ফলত হোৱা প্রাণহানি, সা-সম্পত্তিৰ ক্ষতি আদিৰ বিষয়ে এক প্রতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ বিষয়টাে প্রধানমন্ত্রী মোদীৰ সন্মুখত তুলি ধৰে। মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত সদৰী কৰা অনুসৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বান-গৰাখহনীয়া প্রতিৰোধৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ একেলগে তথা সহযোগিতাৰে ৰূপায়ণ কৰা হ’ব, যাতে এই আঁচনিসমূহৰ জৰিয়তে অসমৰ জনসাধাৰণৰ উপকাৰ সাধন কৰিব পৰা যায়।
Home / মুখ্যমন্ত্রী সোণোৱাল-বিত্তমন্ত্রী ড° শৰ্মাৰ প্রধানমন্ত্রীক সাক্ষাৎ
/ মুখ্যমন্ত্রী সোণোৱাল-বিত্তমন্ত্রী ড° শৰ্মাৰ প্রধানমন্ত্রীক সাক্ষাৎ
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment