কিৰণময়ী মঞ্চাভিনেত্রী সন্মান অভিনেত্রী অনুপমা ভট্টাচার্যলৈ

ভ্ৰাম্যমাণ মঞ্চৰ প্ৰথমগৰাকী অভিনেত্রী অনুপমা ভট্টাচার্যলৈ আগবঢ়োৱা হৈছে কিৰণময়ী মঞ্চাভিনেত্রী সন্মান। বর্ষীয়ান অভিনেত্ৰীগৰাকীৰ হাতীগাও লখিমীনগৰৰ উৰ্বৰা পথৰ বাসগৃহত আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানত অগ্রণী নাট্যানুষ্ঠান জে বি প্ৰডাকচনৰ তৰফৰ পৰা এই সন্মান প্রদান কৰা হয়। জীৱনৰ বহু ঘাত-প্রতিঘাত নেওচি অভিনয়ক্ষেত্ৰখনত নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা ৮৯ বছৰীয়া অভিনেত্ৰীগৰাকী চিৰাজ কথাছবিৰ ফাতেমাৰ চৰিত্ৰৰ বাবে বিখ্যাত হৈ পৰিছিল। নটৰাজ থিয়েটাৰত অভিনয়েৰে ভ্ৰাম্যমাণ মঞ্চ ক্ষেত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰীৰূপে স্বীকৃতি লাভ কৰা অনুপমা ভট্টাচার্যই কেঁচাসোণ, নিমিলা অংক, মানৱ আৰু দানৱ বিপ্লৱী আদি ছবিত অভিনয়েৰে সেই সময়ৰ আটাইতকৈ ‘গ্লেমাৰাছ অভিনেত্রীত পৰিণত হৈছিল। বিবাহৰ দুদিন পিচতে স্বামীক হেৰুওৱা শিল্পীগৰাকীয়ে প্রতিটো প্রত্যাহান গ্রহণ কৰি অভিনয় ক্ষেত্ৰত কাম কৰি গৈছিল। শিৱপ্ৰসাদ ঠাকুৰৰ সৈতে তেওঁৰ দ্বিতীয় বিবাহ হয় যদিও অনুপমা ভট্টাচাৰ্যই তেওঁৰ লগতে তেওঁলোকৰ সন্তান ৰুণুমী ঠাকুৰকো হেৰুৱায়। দুখক প্রত্যাহ্বান হিচাপে লৈ অভিনয় ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা অভিনেত্ৰীগৰাকীৰ কৰ্মৰ স্বীকৃতি স্বৰূপেই জে বি প্রডাকচনে কালি কিৰণময়ী মঞ্চ অভিনেত্রী তেওঁলৈ আগবঢ়ায়

Share on Google Plus

About Unknown

0 comments:

Post a Comment