অসমৰ যেন এতিয়া প্ৰধান সমস্যা হৈছে এইমছ। এইমছ কত হব তাকেলৈ চলিছে এতিয়া শাসকীয় বিধায়ক সকলৰ মাজতে চলিছে টনা আঁজোৰা। জাগীৰোডৰ বিধায়ক পীয়ুষ হাজৰিকাই এইমছ জাগীৰোডত হব লাগে বুলি দাবী জনাইছে। তেওঁ কয়-- আমি মাটি দিবলৈ প্ৰস্তুত । ইতি মধ্যে ৰাইজে এই দাবী মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে । আনহাতে , ধেমাজীৰ বিধায়ক প্ৰদান বৰুৱাই ধেমাজী যিহেতু অনগ্ৰসৰ আৰু বানপানীত ককবকাই থাকে সেয়ে এইমছ ধেমাজীত হব লাগে বুলি দাবী জনাইছে। ইপিনে কমলপুৰৰ অগপ বিধায়ক সত্যব্ৰত কলিতাই চাংচাৰিত কেন্দ্রই অনুমোদন জনোৱা এইমছ অইন ঠাইলৈ স্থানান্তৰ কৰিলে বহি নাথাকে বুলি হুংকাৰ দিছে। তেওঁ লগতে কয়-- অসমৰ এনে টনা আঁজোৰাৰ ফলত যাতে এইমছ বাতিল নহয় তাক উপলব্ধি কৰিব লাগে।
Home / Uncategories / এইমছক লৈ টনা আঁজোৰা:::বিধায়ক পীয়ুষে বিচাৰে জাগীৰোডত, প্ৰদানে ধেমাজীত:: চাংচাৰিত নহলে বহি নাথাকে সত্যব্ৰত
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment