অসম বিধান সভাৰ অধিবেশন শাসক বিৰোধীৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ দ্বাৰা আৰম্ভ হয়। অসমৰ তৈল ক্ষেত্র নিলামক কেন্দ্ৰ কৰি ৰণক্ষেত্ৰত পৰিণত হোৱা বিধান সভাৰ মজিয়া অধ্যক্ষই পাচ মিনিটৰ বাবে স্থগিত ৰাখিব লগীয়া হয়। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়ক সকলে নিলামৰ বিষয়টো অগ্ৰাধিকাৰৰ ভিত্তিত আলোচনা কৰিবলৈ সভা স্থগিত কৰাৰ প্ৰস্তাৱ উত্থাপন কৰে। কিন্তু অধ্যক্ষই সেয়া নাকচ কৰাত জাঙুৰ খাই উঠে বিৰোধী পক্ষ। বিৰোধীয়ে ' নিলাম বন্ধ কৰক','মূল্যবৃদ্ধি ৰোধ কৰক' আদি প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰাৰ বিপৰীতে বিজেপিৰ বিধায়ক সকলে তাৰ প্ৰতিবাদ জনায়। অধ্যক্ষই সদনৰ কাম নীতি নিয়মৰ মাজেৰে কৰা হব বুলি ঘোষণা কৰাত বিৰোধীয়ে সদন দিনটোৰ বাবে ত্যাগ কৰে। আনহাতে বিধান সভা এনেদৰে উত্তাল হৈ থকাৰ সময়ত অগপ আৰু বিজেপিৰ অধিকাংশ বিধায়কে নিষ্ক্ৰিয় হৈ থকা দেখা যায়।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment