দেশৰ উচ্চতম ন্যায়ালয়ে ক্ৰিকেটৰ পৰিগাঁথনিৰ সংস্কাৰৰ বাবে এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে । ক্ৰিকেটৰ সংস্কাৰৰ বাবে লোধা কমিতিয়ে আগবঢ়োৱা প্ৰস্তাৱক কালি উচ্চতম ন্যায়ালয়ৰ বিচাৰ পীঠে গ্ৰহণ কৰিছে। সেই মৰ্মে ক্ৰিকেটৰ কমিতি সমূহত কোনো মন্ত্ৰী আৰু আমোলা থাকিব নোৱাৰিব। তদুপৰি ক্ৰিকেট কমিতিৰ সদস্য সমূহৰ বয়স ৭০ বছৰৰ বেছি হব নোৱাৰিব। এতিয়াৰে 'এক ব্যক্তি এক পদ' নীতি বলবৎ হব। এনে সিদ্ধান্তৰ ফলত দেশৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেটৰ কমিতি দীৰ্ঘদিন ধৰি দপদপাই থকা মন্ত্ৰী, আমোলা আৰু বৃদ্ধ বিষয়ববীয়াৰ বিদায় নিশ্চিত হৈ পৰিছে। আনহাতে , অসম ক্ৰিকেট সন্থাৰ সভাপতি ড: হিমন্ত বিশ্ব শৰ্ম্মাৰ লগতে আৰু কেবাজনো বিষয়ববীয়াই তেওঁলোকৰ পদ এৰিব লাগিব ।
Home / Uncategories / ঐতিহাসিক ৰায় চুপ্ৰিম কোৰ্টৰ:: ক্ৰিকেটৰ কমিতিত থাকিব নোৱাৰিব কোনো মন্ত্ৰী - আমোলা
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment