কাশ্মীৰৰ সন্ত্ৰাসবাদী বুৰহান ৱানিকক শ্বহীদ ঘোষণা পাকিস্তানৰ :: ১৯ জুলাইত পালন কৰিব কলা দিৱস

ভাৰতীয় নিৰাপত্তা ৰক্ষীৰ হাতত নিহত হোৱা জম্বু আৰু কাশ্মীৰত নিহত হোৱা হাজিবুল মুজাহিদীনৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী বুৰহান ৱানিকক শ্বহীদ ঘোষণা কৰিছে পাকিস্তান চৰকাৰে । প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ কালি অনুষ্ঠিত এক বৈঠকত কাশ্মীৰী সকলে চলাই থকা আন্দোলনক তেওঁলোকৰ মুক্তিৰ আন্দোলন বুলি অভিহিত কৰা হয়। তাৰ বাবে কাশ্মীৰী নাগৰিকৰ প্ৰতি আদৰ্শগত ৰাজনৈতিক আৰু কুটনৈতিক সমৰ্থন দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি কাশ্মীৰত যোৱা কেইদিনত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হোৱা লোক সকলৰ বাবে অহা ১৯ জুলাইত পাকিস্তানত কলা দিৱস পালনৰ সিদ্ধান্ত লয় নৱাজ শ্বৰীফ চৰকাৰে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment