৫০ বছৰৰ তলৰ শিক্ষকে পঢ়াব নোৱাৰিব ছাত্ৰী সকলক::: হাৰিয়ানাৰ শিক্ষা মন্ত্ৰীৰ ঘোষণা

নাৰী শিক্ষাৰ বিকাশ আৰু ছাত্ৰী সকলৰ নিৰাপত্তাৰ বাবে ৫০ বছৰ বয়সৰ তলৰ ডেকা শিক্ষকক ছোৱালী সকলক পঢ়াবলৈ নিদিয়াৰ বাবে মত পোষণ কৰিছে হাৰিয়ানাৰ শিক্ষা মন্ত্ৰী ৰাম বিলাস শৰ্মাই । এইক্ষেত্ৰত তেওঁৰ ইতিমধ্যে ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক শিক্ষা সঞ্চালকক পদক্ষেপ গ্ৰহণ কৰিবলৈ কৈছে। প্ৰয়োজনত তেনে শিক্ষকক ছোৱালী স্কুলৰ পৰা বদলি কৰিবলৈ কোৱা হৈছে। আৰ এছ এছৰ সদস্য শৰ্মাই এনে পদক্ষেপৰ ফলত ছোৱালী স্কুল বিলাকত এটি ভাল শৈক্ষিক পৰিৱেশ হব বুলি তেওঁ মন্তব্য আগবঢ়ায়। অৱশ্যে এই ব্যৱস্থা কলেজৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।

Share on Google Plus

About Unknown

0 comments:

Post a Comment