নৱ নিযুক্ত ডেকা IAS বিষয়া এগৰাকীয়ে জীৱনৰ প্ৰথম নিযুক্তিতে ঘোচ লৈ ধৰা পৰি জেললৈ যাব লগা এক ঘটনা ঘটিছে বিহাৰত। ড: জীতেন্দ্ৰ গুপ্তা নামৰ 2013 চনৰ IAS বিষয়া জনে প্ৰশিক্ষণ শেষ কৰি বিহাৰৰ কাইমুৰ জিলাৰ মহাভিয়ান মহকুমাৰ মহকুমাধিপতি হিচাবে নিযুক্তি পাইছিল । এক উজ্জ্বল কেৰিয়াৰ থকা এই বিষয়া জনে লোভ সামৰিব নোৱাৰি সকলো শিক্ষা দীক্ষাক জলাঞ্জলী দি ঘোচ লোৱা আৰম্ভ কৰে।
অলপতে চাৰিখন ট্ৰাকে লোহাৰ ৰড লৈ ৰাজস্থানৰ পৰা জামছেদপুৰলৈ গৈ থাকোতে তেওঁ জব্দ কৰে। কিয়নো তাৰ ভিতৰৰ দুখন ট্ৰাক অভাৰ লোডেড আছিল। সেয়ে ট্ৰাক কেইখনক এৰি দিয়াৰ বাবে ১.৫ লাখ টকা দাবী কৰে। পিছত ৮০ হেজাৰ টকাত এৰি দিয়াৰ বন্দোবস্তী হয় ট্ৰাক ড্ৰাইভাৰৰ লগত। পিছত ড্ৰাইভাৰে কথাটো State Vigilance Bureau ক কথাটো অৱগত কৰে। সেইমতে এক পৰিকল্পনা কৰি ড্ৰাইভাৰে বিষয়া জনক ৮০ হেজাৰ টকা দিওঁতে হাতে লোটে ধৰে Vigilance ৰ লোকে। সম্প্ৰতি IAS বিষয়া জন জেলত আছে।
0 comments:
Post a Comment