ভাৰত বাংলাদেশ সীমান্তৰ মানকাচাৰৰ চৰত জেহাদী বিচাৰি বি এছ এফ, ভাৰতীয় সেনা , চি আৰ পি এফ আৰু আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰিছে । দলটিয়ে মানকাচাৰৰ উন্মুক্ত চৰ আৰু নদী এলেকাত এই অভিযান চলায়। মানকাচাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা দলটিয়ে খাগৰাৰ চৰ, শিশু মাৰা চৰ, বৰাইৰ আলগা, নেপুৰ আলগা চৰকে আদি কৰি বিভিন্ন চৰত অভিযান চলায়। অভিযান কালত দলটোৱে ২৫ টা পৰিয়ালত জেহাদীৰ সন্ধানত তালাচী চলায়। সীমান্তৰে যাতে কোনো জেহাদী ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে নজৰ ৰাখিবলৈ দলটিয়ে ৰাইজক অনুৰোধ জনায়।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment