যিমানেই প্ৰযুক্তি বিদ্যা উন্নত হৈছে , সিমানেই বাঢ়িছে আশংকা। যেনে কেমেৰা। কেমেৰা এতিয়া ইমানেই ক্ষুদ্ৰাকৃতিৰ হৈছে যে যিয়ে এতিয়া কাৰোবাৰ বাবে কান্দোন আৰু কাৰোবাৰ বাবে হাঁহিৰ কাৰণ হব পাৰে । বিভিন্ন দেশৰ লগতে আমাৰ দেশতো ট্ৰায়েল ৰুমত গোপন কেমেৰা ৰখাৰ ঘটনা ঘটিছে । শেহতীয়া ভাৱে গোৱাৰ এটি ট্ৰায়েল ৰুমত গোপন কেমেৰা ৰখাৰ বিষয়টি নজৰত পৰিছিল কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ। তেতিয়াব পৰাই মন্ত্ৰীৰ হস্তক্ষেপত এই ঘটনা ৰোধৰ উদ্যোগ গ্ৰহণ কৰা হৈছে । কিন্তু ইউৰোপত এই সমস্যাটোৱে এক মাৰাত্মক ৰূপ ধাৰণ কৰিছে । হোটেলৰ হেণ্ডলতো গোপনে ৰখা হয় স্পাই কেমেৰা। যিবোৰ দৰ্জা খুলিলেই অন হৈ যায়। ৰুমৰ ভিতৰত চলা ঘটনাবোৰ পিছত হোটেল কৰ্মীয়ে অসাধু চক্ৰৰ জড়িয়তে উচ্চ দামত বিক্ৰী কৰে। পৰ্ণ ছবি জগতত যাৰ বহুত চাহিদা। অকল দৰ্জাতেই নহয় কোঠাৰ বিভিন্ন স্থানত সংগোপনে স্থাপন কৰা হয় কেমেৰাবোৰ। সেয়ে সাৱধান এই ক্ষেত্রত ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment