স্মৃতিৰেখাৰ--- টান, টান, টান::: ঠেল::ঘূৰ

॥  ( ইচাট্ বিচাট্ )   ॥
 

টান ...
টান ...
টান ...
ঠেল ...
ঘূৰা ...

আকৌ
টান ......
টান ......
টান ......
ঠেল.......
ঘূৰা ......

আকৌ
টান ...
....
....
....
ঘূৰা .....
এনেদৰে বহু বাৰ চিঞৰি চিঞৰি কোৱাৰ পিছত গজেন বৰশইকীয়া মনে মনে থাকিল । ইফালে কাষৰ মিনতি দুৱৰাই কাণ পাতি ভাৱি আছে । কি বস্তু আনিছে বাৰু বৰশইকীয়া ঘৰলৈ ...!!
ফ্ৰীজ..,
আলমাৰি...
পালেং....
ছেঃ কি হয় বাৰু ...!!
যিয়েই নহওক , বস্তুটো কিন্তু  ডাঙৰ আৰু গধুৰেই । নহলেনো বৰশইকীয়াই ইমান জোৰেৰে চিঞৰে নে ... টান ..
টান ... টান ...ঠেল.... ঘূৰা.....

মিনতি দুৱৰাই পাকঘৰতে ইচাট্  বিচাট্ কৰি পিছ দিনা পুৱালৈ অপেক্ষা কৰি
ৰ'ল ।

মিনতিয়ে পুৱাই কাম বন সামৰি ৰমেন দুৱৰাক অফিচলৈ পঠিয়াই  ততালিকে বৰশইকীয়াৰ ঘৰত হাজিৰ ।
হেৰি শইকীয়ানী , কালি সন্ধিয়া কি আনিছে আপোনালোকৰ ?
শইকীয়ানীয়ে অলপমান অপ্ৰস্তুত হৈ কলে , ক'তা আমাৰ ঘৰলৈ একোতো অনা নাই ...।
মিনতি দুৱৰাই মুখখন বেকেটা কৰি কৈয়ে দিলে , কিহে শইকীয়ানী , মই কিবা আপোনালোকৰ বস্তুটো লৈ যাম নেকি ? আপুনি যে কবলৈ মন কৰা নাই ।
মিনতি দুৱৰাৰ কথাৰ সুৰ বুজি শইকীয়ানীয়ে কলে , আপুনি কোঠা কেইটা চাওঁকহি ...
আহক .....
আহক....
মিনতি দুৱৰাই অলপ ক্ষোভেৰে কলে ...
তেনেহলে কালি সন্ধিয়াৰ পিছত শইকীয়াইনো কিয় ইমান চিঞৰি , চিঞৰি
কৈছিল

টান ...
টান ......
টান ..........
ঠেল............
ঘূৰা................
শইকীয়ানীয়ে মনত পেলাবলৈ চেষ্টা কৰিলে ।
অ, মনত পৰিছে ...
মনত পৰিছে ....
আমাৰ সোণটোক 

"ক"

আখৰটো শিকাইছিল আকৌ ..

" ক "   আখৰ ...!!!

মিনতি দুৱৰা ৰৈ গৈছিল চক খোৱা দি ।।
শইকীয়ানীয়ে আকি দি বুজাবলৈ চেষ্টা কৰিছিল মিনতিক ...
চাওঁক ...
___ ( বাওঁফালৰ পৰা সোঁফালে টান)

/  (ওপৰৰ পৰা তললৈ টান )
__  ( বাওঁফালৰ পৰা সোঁফালে টান )
।  ( তলৰ পৰা ওপৰলৈ ঠেল )
আৰু
১  ঘূৰাই দিলে   "ক" আখৰটো হৈ গ'ল ...।।

মিনতি দুৱৰাই ফিচিকৈ হাঁহি এটা মাৰি কলে ...

" ক " টোতে ইমান চিঞৰ ...
" ক্ষ "টোত বাৰু কি হ'ব ....!!!  
( লেখিকা ::: স্মৃতিৰেখা বৰুৱা, গুৱাহাটী)

Share on Google Plus

About Unknown

0 comments:

Post a Comment