দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ

মুখ্যমন্ত্ৰী সোণোৱালে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । প্ৰশাসনত স্বচ্ছতা অনাৰ লগতে ৰাইজৰ আস্থা ভাজন হবলৈ সোণোৱাল চৰকাৰে দুৰ্নীতি বিৰোধী কঠোৰ আইন বলবৎৰ পোষকতা কৰিছে । ৰাজ্যৰ সকলো মন্ত্ৰী , বিধায়ক , চৰকাৰী বিষয়া,  অৱসৰপ্ৰাপ্ত বিষয়া, প্ৰাক্তন মন্ত্ৰী , বিধায়ক আৰু অৱসৰপ্ৰাপ্ত বিষয়াৰ সম্পত্তিৰ বিতং তথ্য সংগ্ৰহ কৰি আয়ৰ উৎস অনুসৰি সম্পত্তিৰ মূল্য নিদ্ধাৰণ কৰা হব। যাতে উপাৰ্জনৰ সামঞ্জস্য নথকা সকলৰ সম্পত্তি বাজেয়েপ্ত কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। এওলোকে চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া সময় সীমাৰ ভিতৰত স্থাৱৰ সম্পত্তিৰ হিচাপ দাখিল নকৰিলে পদোন্নতি, বেংক ঋৃণ, পাৰ পত্ৰ আদি পোৱাৰ ক্ষেত্রত কোনো অনুমতি প্ৰদান কৰা নহব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment