ৰাজ্যত বিদ্যুতৰ শোচনীয় অৱস্থা :: চাহিদা ১৫০০ মেগাৱাটৰ বিপৰীতে উৎপাদন ২০০ মেগাৱাট

বিদ্যুত খণ্ডৰ লাও লোৱা অৱস্থাৰ কথা প্ৰকাশ পাইছে ৰাজ্যৰ শক্তি মন্ত্ৰী পল্লৱলোচনৰ দাসৰ এক তথ্যৰ পৰা। তেওঁ জনোৱা তথ্য অনুসৰি -- ৰাজ্যখনত দৈনিক ১৫০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন যদিও তাৰ বিপৰীতে নিজস্ব উৎপাদন হয় মাথো ২০০ মেগাৱাটহে। যোৱা পাছ বছৰত অসম শক্তি উৎপাদন কৰ্প'ৰেচনে উৎপাদন কৰিছে ৯,১১২ মিলিয়ন ইউনিত। গড় ভিত্তি ত উৎপাদন আছিল ২০৮ মেগাৱাট।হব।সেয়ে  নিজস্ব ভাৱে উৎপাদন নথকাৰ বাবে উচ্চ দামত বিদ্যুত বাহিৰৰ পৰা ক্ৰয় কৰিব লগা হোৱাত মাধমাৰ পৰিছে গ্ৰাহকৰ ওপৰত । ২৪ ঘন্টাই বিদ্যুত যোগান ধৰিব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়া নতুন চৰকাৰে এইক্ষেত্ৰত কি ব্যৱস্থা লয় এতিয়া সেয়া লক্ষণীয় হব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment