মহাকাশ অভিযানৰ ইতিহাসত ৰুচ মহাকাশচাৰী চাৰ্গেই ক্ৰিকালেভ এক অতি চিনাকী নাম ৷ অনেক সন্মানেৰে বিভূষিত আৰু একাধিকবাৰ মহাকাশলৈ যোৱা ক্ৰিকালেভৰ নামত মহাকাশ অভিযানৰ অনেক ৰেকৰ্ড আছে ৷ কিন্তু ক্ৰিকালেভৰ সকলোবোৰ ৰেকৰ্ডৰ ভিতৰত এটা ৰেকৰ্ড একেবাৰে সুকীয়া ৷ চাৰ্গেই ক্ৰিকালেভ বিশ্বৰ একমাত্ৰ মহাকাশচাৰী যি মহাকাশলৈ যোৱাৰ সময়ত গৈছিল এখন বেলেগ দেশৰ নাগৰিক হিচাবে আৰু মহাকাশৰ পৰা পৃথিৱীলৈ ঘুৰি আহিছিল আন এখন বেলেগ দেশৰ নাগৰিক হিচাবে ৷ 1991 চনৰ 18 মে তাৰিখে তেওঁ Soyuz TM মহাকাশযানৰ সহায়ত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা আৰম্ভ কৰিছিল ৷ সেই সময়ত তেওঁ ছোভিয়েট ৰুছিয়াৰ নাগৰিক আছিল ৷ কিন্তু তেওঁ মহাকাশত থকাৰ সময়তেই 1991 চনৰ 26 ডিছেম্বৰৰ দিনা ছোভিয়েট ৰুছিয়া ভাঙি খন্ড বিখন্ড হৈ বহুতো নতুন দেশৰ সৃষ্টি হয় ৷ ইয়াৰ ফলস্বৰূপে 312 দিন মহাকাশত থকাৰ অন্তত 1992 চনৰ 25 মাৰ্চৰ দিনা যেতিয়া চাৰ্গেই ক্ৰিকালেভে পুনৰ আহি পৃথিৱীত অৱতৰণ কৰিছিল, সেইদিনা তেওঁ আছিল নৱ গঠিত দেশ ৰাছিয়াৰ নাগৰিক ৷
( লেখক::: অলকেশ ভাগৱতী, গুৱাহাটী )
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment