দুৰ্নীতি নিবাৰক শাখাই দৰংৰ প্ৰাথমিক শিক্ষা বিষয়া ফুলেন কলিতাক ভেটী লৈ থাকোতে হাতে লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰিছে । বিদ্যালয় এখনৰ গৃহ নিৰ্মাণৰ সজুলি যোগানকাৰীৰ পৰা তেওঁ ২০ হেজাৰ টকা ভেটী লৈছিল । বিদ্যালয় এখনৰ এটি কোঠা নিৰ্মাণৰ ' ৰুফ টাস্ক' যোগান দিয়াৰ বাবে চবিন ডেকা নামৰ ব্যৱসায়ী এজনক ৩লাখ টকা আবন্টন দিছিল । তাৰ বাবে ৩০ হেজাৰ টকা দাবী কৰিছিল । কালি ২০ হেজাৰ টকা আগধন হিচাবে লওতে পূৰ্ব পৰিকল্পনা অনুসৰি দুৰ্নীতি নিবাৰক শাখাই তেওঁক ধৰা পেলাই আটক কৰে । তেওঁৰ পাঠশালাৰ জ্যোতি নগৰত থকা বাসভৱনতো তালাচী চলাই আঠটা বেংক পাছ বুক জব্দ কৰিছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment