জেহাদীৰ প্ৰশিক্ষণ দিয়া হয় মুকালমুৱাত:::

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত লাৰুকুছি গাঁৱত জেহাদীৰ প্ৰশিক্ষণ দিয়া হয়। বাংলাদেশৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন হৰকৎ উল মুজাহিদীনৰ সক্ৰিয় সদস্য কাছিমউদ্দিন আৰু আক্ৰাম আলিয়ে এই কথা সদৰী কৰিছে আৰক্ষীৰ জেৰাত। এওঁলোকে জেহাদীৰ প্ৰশিক্ষণৰ বাবে ইতিমধ্যে ৮-- ১০ জনীয়া এটি যুৱকৰ দল অসমৰ বাহিৰলৈ পঠাইছে। তদুপৰি ১১ জনীয়া এটি যুৱকৰ দল বিদেশলৈ প্ৰেৰণৰ প্ৰস্তুতি চলাই থকা হৈছে । ৰাজ্যৰ বাহিৰলৈ বা বিদেশলৈ যুৱক সকলক পঠোৱাৰ পূৰ্বে জেহাদীৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়া হয় উক্তি লাৰুকুছি গাঁৱত।

Share on Google Plus

About Unknown

0 comments:

Post a Comment