অসমীয়া প্ৰতিদিন কাকতখনৰ যোৱা ১১ জুলাই তাৰিখৰ হেড-লাইন আছিল - ’চৰে চৰে মৌলবাদীৰ জেহাদৰ জাল’ লগত এটা ফোটো যত হিজাব পিন্ধা ছোৱালী এজনীয়ে সমৰকলা প্ৰদৰ্শন কৰি আছে | পাঠকক বুজাব বিচাৰিছে যে এই ফোটো খন চৰত চলি থকা জেহাদী প্ৰশিক্ষণৰ পৰা লোৱা হৈছে | গতিকে, চিন্তা কৰি চাওক চৰত বাস কৰা মুছলমান আন কথাত অসমৰ মুছলমান সকল কিমান বেয়া যে অসমত থাকি অসমৰ হিন্দু সকলৰ বিৰুদ্ধে জেহাদৰ প্ৰস্তুতি চলাই আছে | আৰু এই জিহাদ ’চৰে চৰে’ এই দৰে বিয়পিছে যে আনকি ছোৱালীসকলেও এই হিন্দু বিৰোধী ষড়যন্ত্ৰত জড়িত হৈ পৰিছে | কিন্তু, সংবাদ আইটেমটো বিস্তাৰিত ভাবে পঢ়িলে বুজি পাব যে সেয়া কেৱল কোনো উৰ্বৰ মস্তিস্ক হালধীয়া সাংবাদিক শিয়ালৰ ’খিয়ালি পোলাও’ য়ে নহয়, বৰং এক গভীৰ মুছলিম বিদ্বেষী ষড়যন্ত্ৰহে | সম্পূৰ্ণভাবে মনে সজা, তথ্যহীণ আৰু কাল্পনিক | অসমৰ সংবাদ মাধ্যমত এনেকুৱা মনেসজা ’খবৰ’ নতুন নহয় | কিন্তু এই বিশেষ ফোটোযুক্ত সংবাদ টো সমস্ত সীমা চেৰাই গৈছে | কাৰণ জেহাদীৰ প্ৰশিক্ষণৰ প্ৰমাণ হিচাপে যিটো ফোটো অসমীয়া প্ৰতিদিন কাকতখনে ছপাইছে , সেই ফটো টো যোৱা ২০১৪ চনৰ ২৪ জানুৱাৰী National Girl Child Day উপলক্ষে হাইদ্ৰাবাদৰ স্কুল এখনত হিজাব পৰিহিতা মুছলমান স্কুলীয়া ছোৱালী কেইজনীমানে সমৰ-কলা প্ৰদৰ্শন কৰাৰ সময়ত লোৱা, আৰু নেশ্বন্যাল মিডিয়াত বহুল ভাৱে প্ৰচাৰিত | প্ৰতিদিন কাকতৰ সম্পাদক-মন্ডলী নিশ্চিত ভাৱে ফটোশ্বপ কৰা চেঙেলীয়া ডেকা নহয় যে, যিকোনো ফটো এখনকে জেহাদীৰ ফটো বুলি ছপাই দিব | গতিকে এয়া কোনো অনিচ্ছাকৃত ভূল নহয়, এয়া অসমৰ সংবাদ মাধ্যমৰ মুছলমান বিদ্বেষী চৰিত্ৰৰ এক সামান্য বহিপ্ৰকাশহে | যি কোনো উপায়ে অসমৰ মুছলমানৰ বিৰুদ্ধে বিদ্বেষ প্ৰচাৰ কৰাৰ এক জঘন্য মানসিকতাৰ অংশ |
হায়দৰাবাদৰ এখন স্কুলৰ ছাত্ৰীসকলে Vovinam বুলি ভিয়েটনামৰ এক সমৰকলাৰ প্ৰদৰ্শন কৰিছিল স্কুলত ৰাষ্ট্ৰীয় কন্যা দিৱস উপলক্ষে। কালিৰ সংখ্যা অসমীয়া প্ৰতিদিনত প্ৰথম পৃষ্ঠাতে এখন ফটো ছপাইছে
একে মানসিকতাৰ প্ৰমাণ আৰু এটা দিওঁ | যোৱা দুদিনৰ পৰা একে প্ৰকাশন গোষ্ঠিৰ ’প্ৰতিদিন টাইম’ চ্যানেলত ISIS ৰ এটা ভিডিও ফুটেজ বাৰে বাৰে বজোৱা হৈ আছিল , য’ত এজন সন্ত্ৰাসবাদীয়ে বাংলাভাষাত কৈ থাকে - "আমাৰ সপোন আফগানিস্থানত জিহাদ কৰা, আমাৰ সপোন আল-শ্বামত জিহাদ কৰা " | প্ৰতিদিন টাইমে এই ভিডিও টোকে বাৰে বাৰে বজাই অসমত ISIS ৰ আক্ৰমণৰ হুংকাৰ বুলি ঘোষণা কৰি থাকিল | বাংলাদেশত জেহাদী সন্ত্ৰাসবাদী্য়ে কূটাঘাতমূলক কাম কৰিছে যেতিয়া, অসমতো সাবধান হোৱাটো উচিত | কিন্তু ভিডিও টো শুনিলে স্পষ্ট বুজি পায় যে, ’আছাম’ নহয় ’আল-শ্বাম’ বুলি উল্লেখ কৰিছে বুলি | ইতিমধ্যে, অসম পুলিছেও প্ৰেছ ৰিলিজ যোগে স্পষ্টিকৰণ দিছে যে, ভিডিও টোত ’আছাম’ নহয় ’আল-শ্বাম’ বুলি কোৱা হৈছে আৰু ’আল-শ্বাম’ হল চিৰিয়া, জৰ্ডান, লেবানন আৰু ইজৰায়েলক সামৰি পূৰ্ব মেডিটেৰিয়নৰ এক বৃহত অঞ্চল |
অসমীয়া সংবাদ মাধ্যমৰ এই মুছলমান বিদ্বেষ কোনো নতুন কথা নহয় | অসমীয়া কাকতত ’বাংলাদেশী’ বুলি কিবা কাৰ্টুন প্ৰকাশ হলে, সেই কাৰ্টুনৰ ’বাংলাদেশী’ জন সদায় দাড়ি থকা আৰু টুপি পৰিহিত হব | ইয়াৰ দ্বাৰা পৰোক্ষ ভাৱে কি মেছেজ পাঠকক দিয়া হয় ? যে অসমত বাংলাদেশী মানে দাড়ি-টুপি পিন্ধা মুছলমান | আন কথাত অসমত যিমান দাড়ি-টুপি পিন্ধা মুছলমান আছে, সেই সকলোবোৰ বাংলাদেশী | আৰু সৰল কৰিলে মুছলমান = বাংলাদেশী | আপুনি কেতিয়াবা হিন্দু বাংলাদেশীৰ কাৰ্টুন দেখিছে নেকি ? আনকি যেতিয়া কোনো মানৱিক সংকট হয় যেনে সাম্প্ৰদায়িক সংঘাত তেতিয়াও অসমীয়া সংবাদ মাধ্যমে নিজৰ মুছলমান বিদ্বেষ মানৱিকতাৰ কাৰণে হলেও সাময়িক ভাৱেও ত্যাগ নকৰে | উদাহৰন হিচাপে বড়োলেন্ডৰ গোষ্ঠি সংঘাত, যত মূলত মুছলমান সকল হত্যা-হিংসাৰ বলী হৈছিল, বড়ো মানুহ সংঘাতৰ ভুক্তভোগী হোৱা নাই বুলি কোৱা নাই | কিন্তু আপুনি মনত পেলাওকচোন এনেকুৱা এটা ফটো যত অসমীয়া সংবাদ মাধ্য়মে কোনো বাস্তুহাৰা, স্বজন হেৰুৱা মুছলমান নাৰী বা ভুক্তভোগীৰ ফটো ছপাইছে বুলি | বড়োলেন্ড গোষ্ঠি সংঘাতৰ সময়ত ভুক্তভোগীৰ যিমান ফটো প্ৰকাশিত হৈছে অসমৰ সংবাদ মাধ্যমত তাৰ এটাও মুছলমান ভুক্তভোগীৰ নাছিল বুলি কলেও অতুক্তি কৰা নহব | মৰা শ কো এই হালধীয়া শিয়ালসকলে ধৰ্মৰ নামত, গোষ্ঠিৰ নামত ভাগ ভাগ কৰি সেই মতে খবৰ পৰিবেশন কৰে |
অসমীয়া বাতৰি কাকত তথা নিউজ চ্যানেল সমূহত কাম কৰা সংবাদ-কৰ্মী সকল যে পৃথিৱীৰ আটাইতকৈ অপেচাদাৰী সংবাদকৰ্মী সকলৰ অন্যতম এই বিষয়ে আপুনিও নিশ্চয় সহমত পোষণ কৰিব | আচলতে, বেছি ভাগৰে কোনো ধৰণৰ প্ৰশিক্ষণ নাই, সাংবাদিকতা বা সাংবাদিকতাৰ নৈতিকতাৰ ওপৰত কোনো পঢ়াশুনা নাই | কলিকতাত এসময়ত এটা কথাৰ বহুল প্ৰচলন আছিল যে, জীৱনত একো কৰিব নোৱাৰা সকলে শেষত গৈ সাংবাদিক হয় | অসমৰ সংবাদ-কৰ্মী সকলৰ বেছি ভাগৰে ক্ষেত্ৰত এই কথা প্ৰযোজ্য , অৱশ্যে সকলোৰে ক্ষেত্ৰত নহয় | ব্যতিক্ৰম যে নাই এনে নহয় | স্বৰ্গীয় পৰাগ কুমাৰ দাস তাৰ এক উজ্জ্বল নিদৰ্শন | কিন্তু আজিৰ টি.আৰ.পি আৰু চাঞ্চল্য সৰ্বস্ব সাংবাদিকতাৰ ৰোল মডেল পৰাগ কুমাৰ দাস নহয় , অতনু ভূঞাহে | ভূঞা জাতীয় সাংবাদিক সকল নিশ্চিতভাৱে ব্যৱসায় সফল বা জীৱিকা সফল, কিন্তু তেওঁলোকৰ সেই সফলতাৰ মূল হ’ল হালধীয়া সাংবাদিকতা | এতিয়া প্ৰশ্ন হয়, এই হালধীয়া চোলা পিন্ধা অৰ্ধ-শিক্ষিত সাংবাদিক সকল মঙ্গল গ্ৰহৰ পৰা আহিছে জানো ? তেওঁলোক আমাৰে সমাজৰে অবিচ্ছেদ্য অংগ , গতিকে সমাজৰ সকলো পক্ষপাত, পূৰ্ব-ধাৰণা তথা বিদ্বেষৰ তেওঁলোকো অংশ | আৰু আমাৰ সমাজত প্ৰচলিত পক্ষপাত, পূৰ্ব-ধাৰণা আৰু বিদ্বেষ এই সাংবাদিক সকলৰ সংবাদৰ মাজেদি জ্ঞাতে বা অজ্ঞাতে প্ৰকট হে হয় | অসমৰ বৃহত্তৰ সমাজত মুছলমান বিদ্বেষ কোনো নতুন ধাৰণা নহয় |
বহুতে কৱ বিচাৰে যে অসম আন্দোলনৰ যোগেদি মুছলমান বিদ্বেষ অসমৰ সমাজ জীৱনত প্ৰথাগত ভাবে প্ৰবেশ কৰিছে | অসম আন্দোলনৰ ফোকাচ 'বাহিৰাগত' ৰ পৰা 'বিদেশী' হল, 'বিদেশী' ৰ পৰা 'বাংলাদেশী' হ’ল, আৰু ’বাংলাদেশী’ৰ পৰা গৈ অৱশেষত ’মুছলমান বাংলাদেশী’ হল আৰু কালক্ৰমত ’মুছলমান বাংলাদেশী’ ৰ পৰা ’বাংলাদেশী’ বাদ গ’ল কেৱল মুছলমান থাকি গল | তেতিয়াৰ পৰাই মুছলমান বিদ্বেষো অসমীয়া সামাজিক মানসিকতাৰ অংশ হৈ পৰিল | আচলতে, অসম আন্দোলন কেতিয়াও ’বৃহত্তৰ অসমীয়া জাতি ’ৰ নাছিল, অসম আন্দোলন সদায় অসমীয়া হিন্দু মধ্যবিত্তৰ আন্দোলন আছিল, আৰু প্ৰায় জন্মলগ্নৰে পৰা ইয়াৰ মুছলমান বিদ্বেষ প্ৰকট আছিল | অসম আন্দোলনৰ সময়ত আছুৰ মুছলমান ছাত্ৰনেতা নেকিবুৰ জামান, নুৰুল হককে আদি কৰি সকলো মুছলমান বিষয়-ববীয়াই পদত্যাগ কৰাটো ইয়াৰ অন্যতম প্ৰমাণ | সেই অসম আন্দোলনৰ অৱশিষ্ট হিচাপে যি ’অসমীয়া জাতীয়তাবাদ’ এতিয়াও অসমৰ বৌদ্ধিক জগতত বিদ্যমান, সেয়াও মূলত মুছলমান বিদ্বেষৰ ওপৰতে আধাৰিত | আনকি বঙ্গীয় মূলৰ মুছলমান বিদ্বেষো নহয়, বিশুদ্ধ মুছলমান বিদ্বেষ | নহলে চৈয়দ আব্দুল মালিকৰ নিচিনা অসমীয়া সাহিত্যৰ মহীৰুহ এজনক যেতিয়া বাংলাদেশী বুলি নোটিচ দিয়া হৈছিল, তেতিয়া অসমীয়া জাতীয়তাবাদে চুপি চুপি চেডিষ্টিক আমেজহে লৈছিল , ’তীব্ৰ’ অথবা ’জংগী আন্দোলন’ জাতীয় কোনো প্ৰতিবাদ হোৱা নাছিল, আনকি নিৰিহ টাইপৰ ’গৰিহনা’ ও দিয়া হোৱা নাছিল | হকে বিহকে অসমীয়া গৰিয়া, মৰিয়া, দেশী মুছলমানকো ’বাংলাদেশী’ সজাই অপমান-অত্যাচাৰ কৰিবলৈ নেৰা ’অসমীয়া জাতীয়তাবাদ’ কিন্তু বাংলাদেশী হিন্দুৰ নাগৰিকত্বৰ ক্ষেত্ৰত চকুমুদা কুলিৰ ভাওঁ লোৱা দেখা যায় |
মুঠতে, অসমীয়া সংবাদ মাধ্যমৰ যি মুছলমান বিদ্বেষ সেয়া এই ’বিকৃত অসমীয়া জাতীয়তাবাদ’ ৰে ফল | অৱশ্যে, অসমীয়া সংবাদ মাধ্যমে সততে জাতীয়তাবাদী চোলা পিন্ধি ’অনা-অসমীয়া লবি’ , ’অসম বিৰোধী চ্ক্ৰ’ আদিৰ বিৰুদ্ধেও হুংকাৰ দিয়া দেখা যায়| কিন্তু মূলত হিন্দিভাষি বণিক গোষ্ঠিৰ বিৰুদ্ধে দিয়া সেই হুংকাৰ সংবাদ গোষ্ঠিৰ মালিকৰ ব্যৱসায়িক স্বাৰ্থত দিয়া হুংকাৰ | হিন্দি ভাষীৰ প্ৰতি এই বিদ্বেষ মূলত ব্যৱসায়িক অভিসন্ধিমূলক তথা সংবাদ পত্ৰৰ মালিক গোষ্ঠিৰ ঠিকা-ঠুকলিৰ স্বাৰ্থত চৰকাৰৰ ওপৰত দিয়া এক প্ৰকাৰ হেচাহে | ঘৃণা বা বিদ্বেষ তুলনামূলক ভাবে কম | কিন্তু সংবাদ জগতৰ মুছলমানৰ প্ৰতি যি বিদ্বেষ সেয়া মজ্জাগত, সামাজিক আৰু স্বতস্ফূৰ্ত | স্বাধীনতাৰ পাছত হোৱা অবৈধ বাংলাদেশীৰ প্ৰবজন আৰু তাৰ ফলত ৰাজনৈতিক ক্ষমতা আৰু ডেম’গ্ৰাফিক সংখ্যাধিক্য হেৰুৱাৰ ভয় হয়তো এই বিদ্বেষৰ মূল যি ’ অবৈধ বাংলাদেশী’ৰ পৰা পূৰ্ব-বঙ্গীয় মূলৰ মুছলমান হৈ সাধাৰণ মুছলমান বিদ্বেষলৈ পৰিবৰ্তিত হৈছে |
বিঃ দ্রঃ: Muhammad Ibn Batuta য়ে লিখা এই পোস্ট টোত মতামত লিখকৰ নিজৰ ! ইয়াৰ বাবে enews24ghanta.com দায়ী নহয় !
Source: https://www.facebook.com/permalink.php?story_fbid=150461285376789&id=100945853661666
Source: https://www.facebook.com/permalink.php?story_fbid=150461285376789&id=100945853661666
0 comments:
Post a Comment