অসম তথা উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । বতৰ বিজ্ঞানী সকলে কৰা ভৱিষ্যত বাণী মতে, অহা চাৰি পাছ জুলাইলৈ উত্তৰ পূৰ্বাঞ্চলত প্ৰৱল বৰষুণ হব। ইতিমধ্যে মৌচুমী দেশৰ উত্তৰ দিশলৈ যোৱাত সেই অঞ্চলত প্ৰৱল বৰষুণ হৈছে। উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ সামৰি বৃহৎ অঞ্চলটোত নিম্ন চাপৰ সৃষ্টি হোৱাৰ বাবে বঙ্গোপ সাগৰৰ ওপৰেদি বৈ অহা বতাহৰ বাবে অসম, অৰুণাচল আৰু মেঘালয়ত অহা ৪/৫ জুলাইলৈ প্ৰৱল বৰষুণ হব। তাৰপিছত বৰষুণৰ পৰিমাণ কমি যাব। একেৰাহে বৰষুণ হোৱাৰ ফলত অঞ্চলটোত বানপানী , ভূমিস্খলন, ধুমুহা আৰু বজ্ৰপাত হব পাৰে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment