একগ্ৰতা আৰু নিজ অধ্যাবসাৰ দ্বাৰা আৰ্থিক দৈন্যতাকো নেওচি APSৰ শীৰ্ষত উজলিল বাগছাৰ আনন্দবজাৰৰ হাটখোলাৰ জোন দাস। নাৰায়ণ দাস আৰু অলকা দাসৰ পুত্ৰ জোনে সদ্য ঘোষিত APSC ৰ APSত প্ৰথম স্থান লাভ কৰিছে। বিগত ২০০৯ বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অষ্টম স্থান লাভ কৰি উচ্চ শিক্ষাৰ বাবে দিল্লী লৈ যায়। শেষত ৰাজস্থানৰ এম এ পাছ কৰি বৰ্তমান দিছপুৰ কলেজত অধ্যাপনা কৰি আছিল । উল্লেখ্য যে মেধা সম্পন্ন জোনক পঢ়োৱাৰ বাবে পৰিয়ালৰ আৰ্থিক অৱস্থা সবল নোহোৱাৰ বাবে পিতৃয়ে খেতি মাটি ২৫ বিঘা, ডেক কথা বস্তি মাটি আৰু সোণ ৰূপৰ সাচতিয়া অলংকাৰ বিক্ৰী কৰিব লগা হৈছিল । জোনৰ এই সাফল্যই পৰিয়ালটোলৈ আনন্দৰ জোৱাৰ আনিছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment