স্বনিয়োজনৰ বাবে মোডী চৰকাৰে প্ৰশিক্ষণ দিব ৬০ লক্ষ্য যুৱক - যুৱতীক

দেশৰ ভয়াবহ নিবনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে অহা চাৰি বছৰৰ ভিতৰত নতুনকৈ ৬০ লাখ যুৱক যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু দক্ষ লোকক সুবিধা প্ৰদানৰ বাবে ১২ হেজাৰ কোটি টকীয়া প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাত অনুমোদন জনাইছে। উক্ত যোজনাৰ দ্বাৰা প্ৰশিক্ষাৰ্থী সকলক বিত্তীয় সাহাৰ্য, ভ্ৰমণ বানচ, থকা খোৱাৰ খৰছ বহন কৰিব । লগতে থাকিব জলপানীৰো ব্যৱস্থা। প্ৰশিক্ষণৰ অন্তত প্ৰত্যক্ষ সুবিধা প্ৰদানৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এই যোজনাৰ জৰিয়তে আৰব দেশৰ লগতে ইউৰোপ আৰু অন্যান্য দেশত নিযুক্তি পোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment