অঞ্জন দত্তৰ কণ্যা অংকিতাৰ হাতত তুলি দিলো::::

:::::::আত্ম বিশ্বাসৰ এখনি ফুলনি :::::
 
কেনেকৈ বিশ্বাস কৰো পাপা
নিমিষতে চেনেহৰ এনাজৰী চিঙি
গুচি গলা তুমি অজান্তি মুলুকলৈ
কোনো দিনে উভতি নহাৰ প্ৰতিশ্ৰুতিৰে ।

মাৰ কপালত জিলিকি থকা
তোমাৰ আয়ুস কঢ়িওৱা জোনটি
গলি গলি অমাৱস্যা হল।
ফুল আৰু গামোচাৰ মাজত
পাপা, তুমি শুই আছা বৰ শান্তিৰে।

মোৰ বুকুত সোঁৱৰণিৰ বতাহ জাকে
অশ্ৰু কণাবোৰ বৰকৈ নিগৰিছে
সুচকুত ঘনে ঘনে জিলিকি উঠিছে
তোমাৰ মৰমীয়াল মুখমণ্ডল
তুমি অজানিতে এনেকৈয়ে
হেৰাই যোৱাৰ সুতীব্ৰ বেদনাত ।

দিকবিক হেৰুৱাইছে
অন্তঃস্থলৰ আত্ম বিশ্বাসৰ
কুঁহি - কলিটিয়ে
প্ৰাণাধিক দুহিতাৰ কাষত
চেনেহৰ পাপা আজি আৰু নাই।

আত্মাৰ অবিনশ্বৰতাক স্বীকাৰ কৰি
পবিত্র জুই আৰু ধোঁৱাৰ মাজত
বিলীন হৈ যোৱা তোমাৰ শৰীৰ
তাৰ মাজতে গঢ়ি উঠিব
আত্ম বিশ্বাসৰ এখনি ফুলনি
তোমাৰ অনুভৱ আৰু কৰ্ম সংস্কৃতিৰ।
      বিদায় পাপা বিদায় । ঃঃঃ

### ৰূপা নেওগ গোহাই। নকছাৰি, যোৰহাট ।।
email::: gogoirupagohain@gmail.com

Share on Google Plus

About Unknown

0 comments:

Post a Comment