দাম কমিল :: পেট্ৰ’লৰ ১.৪৬ টকা,ডিজেলৰ ১.৫৩টকা



দেশবাসীৰ বাবে সুখবৰ। বিগত দুমাহত ৬বাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ পাছত পেট্ৰ’লৰ ১.৪৬৩, ডিজেলৰ ১.৫৩, টকা যোৱা মাজ নিশাৰে পৰা কার্যকৰী হােৱাকৈ হ্রাস কৰা হৈছে প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১.৪৬ টকা আৰু ডিজেলৰ মূল্য ১.৫৩ টকাকৈ। আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য আৰু আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্যৰ তাৰতম্যক লৈ পষেকীয়া ভিত্তিত ইন্ধনৰ মূল্য পুনৰীক্ষণ প্রক্রিয়াত কালি মাজনিশাৰে পৰা কার্যকৰী হােৱাকৈ প্রতিলিটাৰ পেট্ৰ’লৰ মূল্য ১.৪৬ টকা আৰু ডিজেলৰ মূল্য ১.৫৩ টকা হ্রাস কৰা হৈছে বুলি ৰাজহুৱা খণ্ডৰ বৃহত্তম কোম্পানী আই অ’ চিয়ে বিবৃতিযোগে প্রকাশ কৰিছে। উল্লেখ্য যে যোৱা ৫ নৱেম্বৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য অতি কম পৰিমাণত বৃদ্ধি কৰা হৈছিল। বিগত দুমাহত ৬বাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ পাছত ইন্ধন দুবিধৰ মূল্য হ্রাস কৰা হৈছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment