গ্ৰাহকৰ আঙুলিত চিয়াঁহীৰে দাগ দিব টকা সলালেই ::অসাধু চক্রৰ বিৰুদ্ধে অভিযান



অর্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব শশীকান্ত দাসে নতুন দিল্লীত এক প্ৰেছ মেল যোগে ঘোষণা কৰি কয় যে বেংকত আচল নোট সলোৱাৰ ক্ষেত্ৰত একাংশ অসাধু লোকে গ্রহণ কৰি থকা পদক্ষেপক প্রতিহত কৰিবলৈ এতিয়াৰে পৰা নোট সলনি কৰা গ্ৰাহকৰ তৰ্জনী আঙুলিত চিয়াঁহীৰে দাগ দিব বেংক কর্তৃপক্ষই। এজন গ্রাহকেই একে দিনাই বিভিন্ন বেংকৰ পৰা নােট সলনি কৰি থকা প্ৰৱঞ্চনাক ৰুধিবলৈ বেংকসমূহে নির্বাচনত ভোট প্রদান কৰাৰ পাছত আঙুলিত যিদৰে চিয়াঁহী (সহজতে মচিব নোৱৰা) লগাই দিয়ে, তেনে ব্যৱস্থা গ্রহণ কৰিছে। বেংকৰ কেছ কাউণ্টাৰত এই ব্যৱস্থা কৰা হৈছে। যদিও এ টি এমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত এই পদক্ষেপ গ্ৰহণ কৰা নহয়। বেংকত নোট সলনিক লৈ গ্ৰাহকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱহাৰিক পদক্ষেপ গ্রহণ কৰাৰ ঘোষণা কৰি অর্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব শশীকান্ত দাসে পুনৰ কয় যে বেংকত ঘণ্টাৰ পিছত ঘণ্টা ধৰি নােট সলনিৰ বাবে অপেক্ষাৰত গ্ৰাহকক উৎসাহ যোগোৱাৰ বিপৰীতে ক’লা ধনক বৈধ কৰাৰ বাবে একে দিনাই বিভিন্ন বেংক শাখাত নোট সলনি কৰোঁতাক বাধা দিব। সচিবগৰাকীয়ে সদৰী কৰা মতে, বেংক আৰু এ টি এমত একেগৰাকী ব্যক্তিয়েই বাৰে বাৰে বিভিন্ন স্থানলৈ গৈ শাৰী পাতি থকাৰ বাবে ভিৰ বৃদ্ধি হৈ থাকে। খবৰ মতে, অনেক লোকে ক’লা টকাক বৈধ কৰাৰ বাবে গোট গঠন কৰিছে আৰু তেনে গোটৰ ব্যক্তিক নোট সলনি কৰিবলৈ পঠিয়াই আছে। এই সমস্যা সমাধান কৰিবলৈ নির্বাচনৰ লেখীয়া আঙুলিত চিয়াঁহীৰ দাগ দিয়া হ’ব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment